No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- এফালে ধুমুহা বৰষুণ আনফালে ভূমিকম্প।কৃত্ৰিম বানৰ মাজতেই ৰাজ্যত পুৱাই মৃদু ভূমিকম্পৰ জোঁকাৰণি। পুৱা ৬.০১ বজাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোঁকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৪.৬। মণিপুৰৰ কামজেং আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ।
- জাগীৰোডৰ শ্যামাপল্লীত ভয়ংকৰ অগ্নিকাণ্ড।এই অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় ৯ টাকৈ বাসগৃহ। অৱশ্যে এই অগ্নিকাণ্ডৰ কাৰণ এইমুহূৰ্তলৈ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও জুইত জাহ যায় প্ৰায় লাখ টকাৰ সামগ্ৰী।
- মহিলা সংৰক্ষণ বিধেয়ক বাতিলৰ প্ৰতিবাদত জয়পুৰত বিজেপিৰ পদযাত্ৰা। বৃহৎ সংখ্যক মহিলা শ্ৰমিকে এই পদযাত্ৰাত অংশগ্ৰহণ কৰে, যিটোক শক্তিৰ প্ৰদৰ্শন হিচাপে গণ্য কৰা হয়। জয়পুৰস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাৰ অন্ত পৰে শ্বহীদ স্মাৰকত।এই পদযাত্ৰাত মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা আৰু উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীয়েও যোগদান কৰে।
- আজি পৱন খেড়াৰ অগ্ৰিম জামিনৰ শুনানি।গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন আবেদন পৱন খেড়াৰ। আজি অনুষ্ঠিত হ’ব অগ্ৰিম জামিনৰ শুনানি।পাছপ’ৰ্ট প্ৰদৰ্শন কৰি অপপ্ৰচাৰ চলাইছিল পৱন খেড়াই। অসম আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে দিল্লীৰ পৰা পলাইছিল পৱন খেড়াই।উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল তেলেংগানা উচ্চ ন্যায়ালয়ৰ আবেদন।
- বিশ্বত অমানৱীয় ঘটনা সংঘটিত কৰিলে আমেৰিকাই। আমেৰিকাৰ ভয়ংকৰ আক্ৰমণত জীৱন দিলে ১৭৫টি শিশুৱে। স্কুললৈ গৈ আৰু ঘৰলৈ উভতি নাহে ইৰাণৰ ১৭৫জন শিশু।দিল্লীৰ ইৰাণী দূতাবাসত দুখজনক ফটো প্ৰদৰ্শন দিল্লীৰ ইৰাণী দূতাবাসে। আমেৰিকাৰ অমানৱীয় কাণ্ড বিশ্বক দেখুৱাবলৈ ইৰাণে অনুষ্ঠিত কৰিলে প্ৰদৰ্শনী। এই প্ৰদৰ্শনীত দেখুওৱা হ’ল শিশুসকলে অংকণ কৰা অন্তিমখন চিত্ৰ।
No Result
View All Result