No Result
View All Result
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
- ১৯৭৭- মেজৰ জেনেৰেল জিয়াউৰ ৰহমানক বাংলাদেশৰ ৰাষ্ট্ৰপতি নিযুক্তি দিয়া হয়।
- ২০০১- বাংলাদেশত ভাৰতীয় সৈনিকৰ নৃশংস হত্যাকাণ্ডক লৈ ভাৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
- ২০০২- আমেৰিকাই এল টি টি ইৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই নিদিয়াৰ সিদ্ধান্ত লয়।
- ২০০৩- ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত ৰবাৰ্ট ব্লেকউইলে পদৰ পৰা পদত্যাগ কৰে।
- ২০০৪- বাছৰাত ক্ষেপণাস্ত্ৰ আক্ৰমণত ৬৮ জন লোকৰ মৃত্যু হয়।
- ২০০৬- নেপালৰ ৰজাই নিৰ্বাচিত চৰকাৰক ক্ষমতা অৰ্পণ কৰাৰ কথা ঘোষণা কৰে।
- ২০০৭- ব্রায়ান লাৰাই এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
- ২০০৮- উত্তৰ প্ৰদেশ চৰকাৰে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ সালসলনি কৰি নেট্ৰামক মুখ্যমন্ত্ৰীৰ মুখ্য সচিব হিচাপে নিযুক্তি দিয়ে। হিৰো হোণ্ডা গ্ৰুপে ডেইমলাৰ এ জিৰ সৈতে যৌথ উদ্যোগ গঠন কৰি বাণিজ্যিক বাহন নিৰ্মাণ কৰিছিল। ভাৰত আৰু ব্ৰিটিছ নৌসেনাৰ তৃতীয় যৌথ অনুশীলন গোৱাৰ সমীপৱৰ্তী কংকনত আৰম্ভ হয়।
- ২০০৮- ভাৰত আৰু চীনে পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে চাৰিখন চুক্তি স্বাক্ষৰ কৰিবলৈ সন্মত হৈছে।
No Result
View All Result