এইবাৰ “ঝালমুৰি”য়ে ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে। ঝাৰগ্ৰামত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাস্তাত ৰৈ ঝালমুৰি ক্ৰয় কৰাৰ ভিডিঅ’ ইমানেই অধিক ভাইৰেল হয় যে, ছ’চিয়েল মিডিয়াত এই জলপান চৰ্চিত হৈ পৰে।
বহুজনে কেৱল ভিডিঅ’টো চোৱাই নহয়, ঝালমুৰি সঠিকভাৱে কি, কেনেকৈ তৈয়াৰ কৰা হয়, ক’ত উপলব্ধ সেই বিষয়েও বিচাৰ-খোচাৰ কৰিছে।
খবৰ অনুসৰি যোৱা ২২ বছৰত এই শব্দটোৱেই আছিল গুগলত সৰ্বাধিক অনুসন্ধান কৰা শব্দ, যিটো নিজৰ বাবে এক উল্লেখযোগ্য অভিলেখ হিচাপে গণ্য কৰা হয়। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত সাধাৰণ জনতাৰ আগ্ৰহ ইমানেই বাঢ়ি যায় যে লাখ লাখ ব্যৱহাৰকাৰীয়ে এই ষ্ট্ৰীট ফুডৰ বিষয়ে তথ্য বিচাৰিবলৈ আৰম্ভ কৰিলে। ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীয়ে ইয়াক “মোদী ইফেক্ট” বুলি অভিহিত কৰি আমোদজনক প্ৰতিক্ৰিয়া প্ৰদান কৰাৰ বিপৰীতে বহুতে কৈছে যে এখন সৰু ষ্টলৰ ভাগ্যও ৰাতিটোৰ ভিতৰতে সলনি হৈ গ’ল।
উল্লেখযোগ্য যে বংগৰ ঝাৰগ্ৰামত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পথৰ কাষৰ ষ্টলৰ পৰা ঝালমুৰি উপভোগ কৰিছিল আৰু ভিডিঅ’টো তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছিল। এই ভিডিঅ’টো এতিয়ালৈকে ১০ কোটিৰো অধিক লোকে চাইছে, যাৰ ফলত গুগলত ঝালমুৰিৰ জনপ্ৰিয়তা ব্যাপকভাৱে বৃদ্ধি পাইছে।
ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ঝালমুৰিৰ ওপৰত মন্তব্য কৰি কয় যে, প্ৰধানমন্ত্ৰীৰ আহাৰ গ্ৰহণৰ পিছত এটা সাধাৰণ বাংলা জলপান ইমান জনপ্ৰিয় হ’ব বুলি কোনেও কল্পনা কৰা নাছিল। কিছুমান ব্যৱহাৰকাৰীয়ে আকৌ লিখিছে যে, এতিয়া ইয়াৰ সোৱাদ লোৱাৰ সময় আহি পৰিছে। ইফালে ছ’চিয়েল মিডিয়া আৰু গুগলত ঝলমুৰিৰ ইতিহাস বিচাৰি ফুৰিছে, ইয়াৰ ৰেচিপি ইজনে সিজনৰ লগত শ্বেয়াৰ কৰিছে।










