পুনৰ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ কয় যে, তেওঁৰ জন্ম বংগত আৰু তেওঁ বংগতেই মৰিব। বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিব বুলিও এক ডাঙৰ মন্তব্য কৰে।
মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কয় যে, বিজেপিৰ বাবে কাম কৰা সকলোৰে নাম তালিকাভুক্ত কৰা হৈছে। কিন্তু সকলোৱে মনত ৰখা উচিত যে, মমতাক কৰাৰ ক্ষমতা কাৰোৰে নাই। তেওঁ বংগত জন্ম লৈ বংগতেই মৰিব বুলি কয়। বংগ জয় কৰাৰ পিছত তেওঁ দিল্লী দখল কৰিব বুলি মন্তব্য কৰে। লগতে কয় যে, কেৱল বংগতে নহয়, দিল্লীৰ পৰা বিজেপিক আঁতৰাই পেলাব টিএমচিয়ে।
ইফালে ২৩ এপ্ৰিলত পশ্চিমবংগত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ইফালে বিজেপিৰ শীৰ্ষ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কলকাতাত এখন সংবাদমেল অনুষ্ঠিত কৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অভিলেখসংখ্যক ভোটদানৰ বাবে বংগবাসীক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় যে, বংগৰ জনসাধাৰণে পৰিৱৰ্তনৰ বাবে ভোট দিছে। তেওঁ লগতে কয় যে এইবাৰ ৰাজ্যখনৰ নিৰ্বাচন অতি শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছে, যিটো তেওঁলোকৰ বাবে এক ডাঙৰ কৃতিত্ব।










