দেখা যায় যে, যৌতুকৰ লোভৰ বাবে প্ৰায়ে বিবাহ বিচ্ছেদ হয়। মধ্যপ্ৰদেশৰ উজ্জয়িনী জিলাৰ বদনগৰ তহচিলৰ বাংৰেড গাঁৱত অনুষ্ঠিত এক তিলক অনুষ্ঠানে যৌতুক ব্যৱস্থাৰ বিৰুদ্ধে বাৰ্তা প্ৰেৰণ কৰে। অৱশ্যে বাংৰেডৰ এটা পৰিয়ালে যৌতুক গ্ৰহণ নকৰি সমাজৰ বাবে আদৰ্শ দাঙি ধৰিছে। পৰিয়ালটোৱে প্ৰায় ৫০ লাখ টকাৰ যৌতুক ঘূৰাই দি সমগ্ৰ অঞ্চলটোত সকলোৰে প্ৰশংসা লাভ কৰে।
উল্লেখ্য যে, আদৰ্শ দীপ ৰাজাৱত নামৰ যুৱক এজনৰ বিন্দিয়া কুমাৰীৰ সৈতে বাগ্দান কৰা হয়। পিছে তিলক অনুষ্ঠানৰ সময়ত দৰা পক্ষই যৌতুক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।দেওবাৰে বদনগৰ তহচিলৰ বাংৰেডৰ এখন ৰিজৰ্টত অনুষ্ঠিত হয় তিলক অনুষ্ঠান। অনুষ্ঠানৰ সময়ত যেতিয়া কইনাৰ পক্ষই ২৫ লাখ টকাৰ নগদ ধন আৰু ১৫ তোলা সোণ (মুঠ প্ৰায় ৫০ লাখ টকা) উপহাৰ দিয়ে, তেতিয়া দৰাই তেওঁৰ পিতৃৰ সৈতে আলোচনা কৰি কোনো ধৰণৰ যৌতুক গ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে।
দৰাৰ পক্ষই ঘোষণা কৰিলে যে তেওঁলোকে কোনো যৌতুক গ্ৰহণ নকৰে আৰু কেৱল এটা প্ৰতীকী সোণৰ আঙুঠিহে গ্ৰহণ কৰিব। তাৰ পাছত নগদ ধন আৰু সোণৰ গহনাবোৰ সম্পূৰ্ণ শ্ৰদ্ধাৰে কইনাৰ ফালে ঘূৰাই দিয়া হয়। উপস্থিত সকলোৱে ইয়াক যৌতুক ব্যৱস্থাৰ বিৰুদ্ধে এক বৃহৎ আৰু প্ৰেৰণাদায়ক পদক্ষেপ বুলি অভিহিত কৰে।











