যোৱা ১৫ মে’ত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ইন্দোৰ বিচাৰপীঠে ধাৰ ভোজশালাক মন্দিৰ হিচাপে স্বীকৃতি দি সন্দৰ্ভত ৰায় জাৰি কৰে। ২০০৩ চনত মুছলমান সম্প্ৰদায়ক প্ৰতি শুকুৰবাৰে নামাজ পঢ়াৰ অধিকাৰ আৰু হিন্দু সম্প্ৰদায়ক প্ৰতি মঙলবাৰে পূজা কৰাৰ অধিকাৰ প্ৰদান কৰা ASIৰ নিৰ্দেশকো আদালতে বাতিল কৰে।
আদালতৰ এই সিদ্ধান্তৰ পিছতে হিন্দু সমাজে ভোজশালাত দেৱী বাগদেৱীৰ মূৰ্তি স্থাপন কৰি বন্তি প্ৰজ্বলন কৰে। এই শুকুৰবাৰে ধাৰ হিন্দু সমাজে ভোজশালাত এক মহাআৰতিৰ বাবে সাজু হৈছে আৰু তাৰ পূৰ্বে সকলোৱে দলীয় শোভাযাত্ৰা কৰি ভোজশালাত উপস্থিত হ’ব।
ভোজশালা সমিতিৰ সৈতে জড়িত অশোক জৈনে কয় যে, প্ৰায় ৭২১ বছৰ দীঘলীয়া অপেক্ষাৰ অন্তত প্ৰথমবাৰৰ বাবে হিন্দু সমাজে শুকুৰবাৰে ভোজশালাত পূজা কৰাৰ অধিকাৰ।
আইনী বাধা নাথাকিলে মহানগৰীৰ ধন মণ্ডী চৌহদত হিন্দু সম্প্ৰদায়ৰ লোকসকল সমবেত হ’ব বুলিও তেওঁ কয়। তাৰ পৰা সকলো ভক্তই খোজকাঢ়ি ভোজশালা মন্দিৰলৈ আগবাঢ়িব। ভোজশালা কমপ্লেক্সত দেৱী সৰস্বতীক পূৰ্ণ শ্ৰদ্ধা আৰু মৰ্যাদাৰে পূজা কৰা হ’ব, তাৰ পিছতে মহাআৰতি অনুষ্ঠিত হ’ব।









