No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী। ২৪ ঘন্টীয়া ধৰ্মঘটৰ বাবে অচল থাকিব ঔষধৰ দোকান। ধৰ্মঘটৰ বাবে দেশজুৰি বন্ধ থাকিব ১৫ লাখ ফাৰ্মাচী। অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্টছ এণ্ড ড্ৰাগিষ্টছৰ ধৰ্মঘটৰ আহ্বান। ই-ফাৰ্মাচী অৰ্থাৎ অনলাইন ঔষধ ব্যৱসায়ৰ নিয়মসমূহৰ ত্ৰুটি দূৰ কৰাৰ দাবীত এই প্ৰতিবাদ। কোনো নিয়ম অবিহনে অনলাইনত ঔষধ বিক্ৰীৰ বিৰোধিতা। অনলাইন ব্যৱসায়ৰ বাবে ফাৰ্মাচীসমূহ প্ৰভাৱিত হোৱাৰ অভিযোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
- পেঞ্চনক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন নিৰ্দেশনা। এতিয়াৰে পৰা সময়মতেই হ’ব লাগিব পেঞ্চনৰ কাম। পেঞ্চনৰ কাম নিষ্পত্তি নকৰা কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা। চৰকাৰী কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা অসম চৰকাৰৰ। নিৰ্ধাৰিত সময়সীমাত পেঞ্চন কেছ নিষ্পত্তি কৰাৰ নিৰ্দেশ। ২০০৩ চনৰ SOP আৰু সময়সীমা উলংঘা কৰি পেঞ্চনৰ কামত পলম কৰা কাৰ্যালয়ৰ মুৰব্বীক জৰিমনা বিহা হ’ব। বিলম্ব হোৱা পেঞ্চনৰ কেছসমূহৰ এখন তালিকা কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে মাহিলী ভিত্তিত প্ৰস্তুত কৰা হ’ব।
- পেট্ৰ’ল-ডিজেলৰ দাম ১৩-১৭ টকা পৰ্যন্ত বৃদ্ধিৰ সম্ভাৱনা। দেশত আকৌ বৃদ্ধি পাব পাৰে পেট্ৰ’ল-ডিজেলৰ দাম। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে প্ৰভাৱিত হৈছে তৈল কোম্পানীসমূহ। প্ৰতিমাহে ৩০ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন তৈল কোম্পানীসমূহ। ৩-৪ টকা বৃদ্ধিয়ে তৈল কোম্পানীসমূহৰ লোকচান কমাব নোৱাৰে। প্ৰতিলিটাৰ ডিজেলত ১১.৪০ টকা লোকচান তৈল কোম্পানীসমূহৰ। পেট্ৰ’লত ১৪.৩০ টকা লোকচানৰ সন্মুখীন তৈল কোম্পানীসমূহ।
- আফ্ৰিকাৰ দেশসমূহত ইব’লা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাৰ মাজতে ভাৰত চৰকাৰো সজাগ হৈ পৰিছে ৷ কংগো আৰু উগাণ্ডাত ইব’লাৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সমগ্ৰ দেশতে চোৰাংচোৱাগিৰি আৰু প্ৰস্তুতিৰ ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে। চৰকাৰে স্পষ্ট কৰি দিছে যে বৰ্তমান ভাৰতত ইব’লাৰ কোনো ৰোগী ধৰা পৰা নাই যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে স্বাস্থ্য ব্যৱস্থাক সতৰ্ক অৱস্থাত ৰখা হৈছে।
No Result
View All Result