No Result
View All Result
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
- ১৯৯৫- ৰাছিয়াই মানৱবিহীন মহাকাশযান “Spektr” সফলতাৰে উৎক্ষেপণ কৰে।
- ১৯৯৯- কুৰ্দি বিদ্ৰোহী নেতা চেমডিম ছাকিকক মৃত্যুদণ্ড দিয়া হয়।
- ২০০০- ফিজিত বন্দুকধাৰী নেতা জৰ্জ স্পেটে দেশখনৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
- ২০০১- আফগানিস্তানত তালিবানে হিন্দুসকলক পৃথক কৰিবলৈ সাজ-পোছাক প্ৰণয়ন কৰে।
- ২০০৩- পাকিস্তানে উগ্ৰপন্থী সংগঠন হিজবুল মুজাহিদিনক নিষিদ্ধ কৰে।
- ২০০৪- টাইৱানত নৱগঠিত চৰকাৰখনে শপত গ্ৰহণ কৰে।ইউৰোপীয় সংঘৰ পিছত আমেৰিকাইও কৃষি ৰপ্তানিৰ ৰাজসাহায্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।
- ২০০৬- চীনে টাইৱানক বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্যপদৰ বাবে অযোগ্য ঘোষণা কৰে।
- ২০১১- প্ৰধানমন্ত্ৰী মনমোহন সিঙে মধ্যপ্ৰদেশৰ বিনাত বহু কোটি টকীয়া তেল শোধনাগাৰ দেশৰ বাবে উৎসৰ্গা কৰে। ভাৰত পেট্ৰলিয়াম লিমিটেড, ওমান অইল কোম্পানী, আৰু মধ্যপ্ৰদেশ চৰকাৰৰ প্ৰচেষ্টাত নিৰ্মিত এই এক বিশ্বমানৰ প্ৰকল্প।
- ২০১১- ঝাৰখণ্ডৰ পৰ্বতাৰোহী প্ৰেমলতা আগৰৱালে বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা আটাইতকৈ বয়সীয়াল ভাৰতীয় মহিলা হিচাপে গৌৰৱ অৰ্জন কৰি পৰ্বতাৰোহণৰ ক্ষেত্ৰত এক নতুন ইতিহাসৰ সৃষ্টি কৰে।
No Result
View All Result