শেহতীয়া বছৰবোৰত শিশুৰ ওপৰত ছ’চিয়েল মিডিয়াৰ নেতিবাচক প্ৰভাৱক লৈ যথেষ্ট উদ্বেগ বৃদ্ধি হৈছে। এই সমস্যাৰ সমাধানৰ বাবে কিছুমান দেশত নাবালক শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰা হৈছে। মালয়েছিয়াই এই দেশসমূহত যোগদান কৰিছে। ১ জুনৰ পৰা মালয়েছিয়াই ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিছে।
- এই নিষেধাজ্ঞা কাৰ্যকৰী হোৱাৰ লগে লগে মালয়েছিয়াৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে বয়স পৰীক্ষণ ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব।
- ১৬ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত একাউণ্ট তৈয়াৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিব।
- এই নিয়ম ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, আৰু টিকটকৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মকে ধৰি কমেও ৮০ লাখ ব্যৱহাৰকাৰী থকা প্লেটফৰ্মৰ ক্ষেত্ৰত প্ৰযোজ্য।
- এই নিয়ম উলংঘা কৰা কোম্পানীসমূহে এক কোটি ৰিংগিট (প্ৰায় ২৫ লাখ ডলাৰ) পৰ্যন্ত জৰিমনা ভৰিব পাৰে। অৱশ্যে এই নিয়ম আওকাণ কৰা সন্তানৰ পিতৃ-মাতৃক জৰিমনা বিহা নহ’ব।
মালয়েছিয়া চৰকাৰে কয় যে, এই নিয়মৰ লক্ষ্য হৈছে শিশুসকলক ক্ষতিকাৰক বিষয়বস্তু আৰু চাইবাৰ গুণ্ডাগিৰিৰ পৰা ৰক্ষা কৰা। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া, ব্ৰাজিল, ইণ্ডোনেছিয়াত শিশুৰ ছ’চিয়েল মিডিয়াত প্ৰৱেশৰ ক্ষেত্ৰত বয়সৰ ভিত্তিত নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছিল। ফ্ৰান্স, স্পেইন, ডেনমাৰ্ক, থাইলেণ্ড, দক্ষিণ কোৰিয়া, যুক্তৰাজ্যৰ দৰে দেশসমূহেও একেধৰণৰ নিয়ম কাৰ্যকৰী কৰাৰ কথা চিন্তা কৰিছে। মালয়েছিয়াৰ যোগাযোগ আৰু মাল্টিমিডিয়া আয়োগে কয় যে, এই নিয়মৰ উদ্দেশ্য শিশুসকলক ইণ্টাৰনেট বা ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰত বাধা দিয়া নহয়। এই নিয়ম কাৰ্যকৰী হোৱাৰ পিছত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে অনলাইন বিপদসমূহ মোকাবিলা কৰিবলৈ আৰু বয়সৰ লগত জড়িত নিৰীক্ষণ নিশ্চিত কৰিবলৈ ব্যৱস্থা বিকশিত কৰিব লাগিব।যোৱা মাহত নিয়ন্ত্ৰকগৰাকীয়ে এক বিবৃতিত কয় যে এই ব্যৱস্থাসমূহে অনলাইন পৰিৱেশত শিশুৰ সুৰক্ষা শক্তিশালী কৰাত সহায় কৰে, লগতে অভিভাৱকসকলক ক্ৰমান্বয়ে জটিল হৈ অহা ডিজিটেল বিপদৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত অতিৰিক্ত নিশ্চয়তা প্ৰদান কৰে।
ভাৰততো কেন্দ্ৰীয় চৰকাৰে নাবালক শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ কথা চিন্তা কৰিছে। শেহতীয়াকৈ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, চৰকাৰে ছ’চিয়েল মিডিয়াত বয়সৰ লগত জড়িত সীমাবদ্ধতা আৰোপ কৰাৰ কথা চিন্তা কৰিছে। প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ডিপফেকৰ দৰে সমস্যাৰ সমাধানৰ বাবে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে আলোচনা চলি আছে।
মালয়েছিয়া চৰকাৰে কয় যে, এই প্লেটফৰ্মসমূহে সুৰক্ষা-ভিত্তিক ডিজাইন বৈশিষ্ট্যসমূহ প্ৰণয়ন কৰিব লাগিব, য’ত বাধ্যতামূলক ব্যৱহাৰক উৎসাহিত কৰা হেতালি খেলা চক্ৰৰ বিৰুদ্ধে সুৰক্ষা আৰু নাবালক ক্ষতিকাৰক বিষয়বস্তুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।মালয়েছিয়াৰ নতুন প্ৰয়োজনীয়তা কেনেদৰে মানি চলিব সেয়া এতিয়াও স্পষ্ট কৰা নাই প্ৰযুক্তি কোম্পানীসমূহে।নিয়ন্ত্ৰণ সংস্থাটোৱে কয় যে, বয়স পৰীক্ষণ ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ প্লেটফৰ্মসমূহক ৰেহাইৰ সময়সীমা দিয়া হ’ব।
মালয়েছিয়াত এই নিষেধাজ্ঞাসমূহ এনে সময়তে আহিছে যেতিয়া চৰকাৰসমূহে শিশুৰ মানসিক স্বাস্থ্য আৰু অনলাইন সুৰক্ষাৰ ওপৰত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱৰ বিষয়ে উদ্বেগক সমাধানৰ বাবে ক্ৰমাৎ হেঁচাত পৰিছে।বহু অভিভাৱকৰ সমৰ্থনৰ পিছতো মালয়েছিয়াৰ এই পদক্ষেপে ডাটাৰ গোপনীয়তাৰ সন্দৰ্ভতো উদ্বেগ প্ৰকাশ কৰিছে।








