টীম ইণ্ডিয়াৰ টি-২০ অধিনায়কত্বৰ এক বৃহৎ পৰিৱৰ্তনৰ বিষয়ে আলোচনা চলি আছে। টি-২০ বিশ্বকাপ ২০২৬ আৰু আই পি এল ২০২৬ৰ পিছতে অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপন হৈ তেওঁৰ নেতৃত্বৰ ওপৰত সন্দেহৰ উদ্ভৱ হৈছে।
এক সূত্ৰৰ পৰা জানিব পৰা মতে, নিৰ্বাচকসকলে এতিয়া ভৱিষ্যতৰ কৌশলৰ প্ৰতি লক্ষ্য ৰাখি নতুন অধিনায়কৰ সন্ধানত নামিছে। এই দৌৰত আগশাৰীৰ খেলুৱৈ হৈছে শ্ৰেয়াছ আয়াৰ, যাক শক্তিশালী নেতৃত্বৰ বিকল্প হিচাপে গণ্য কৰা হয়। তিলক বৰ্মা, ঈশান কিষানৰ দৰে যুৱ খেলুৱৈকো উপ-অধিনায়ক পদৰ বাবে বিবেচনা কৰা হৈছে।
খবৰ ওলাইছে যে, দল পৰিচালনা সমিতিয়ে কেৱল বৰ্তমানৰ শৃংখলাটোৱেই নহয়, পৰৱৰ্তী দুটা টি-২০ বিশ্বকাপৰ কথাও মনত ৰাখি দীৰ্ঘম্যাদী পৰিকল্পনাৰ কাম কৰি আছে। সেয়েহে নিৰ্বাচকসকলে এনে এজন খেলুৱৈৰ ওপৰত দায়িত্ব অৰ্পণ কৰিব বিচাৰে যিয়ে ধাৰাবাহিক প্ৰদৰ্শনেৰে দলটোক সুস্থিৰ নেতৃত্ব প্ৰদান কৰিব পাৰে।
শ্ৰেয়াছ আয়াৰৰ পক্ষত আটাইতকৈ ডাঙৰ কাৰক হ’ল তেওঁৰ অধিনায়কত্বৰ অভিজ্ঞতা আৰু আই পি এলত ধাৰাবাহিক প্ৰদৰ্শন। ঘৰুৱা আৰু লীগ ক্ৰিকেটত তেওঁ নিজৰ নেতৃত্বৰ ক্ষমতা প্ৰমাণ কৰিছে। টি-২০ দলত তেওঁক গুৰুত্বপূৰ্ণ মিডল অৰ্ডাৰ ভূমিকা গ্ৰহণৰ বাবেও বিবেচনা কৰা হৈছে।
ইফালে বৰ্তমানৰ অধিনায়ক সূৰ্য্যকুমাৰ যাদৱৰ দুৰ্বল ফৰ্ম এতিয়াও চিন্তাৰ বিষয় হৈয়ে আছে। টি-২০ বিশ্বকাপ আৰু আই পি এলত তেওঁৰ প্ৰদৰ্শনৰ অভাৱত তেওঁৰ অধিনায়কত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে।
ইয়াৰোপৰি বাছনি প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ মাজত আলোচনা হোৱা বুলি জানিব পৰা গৈছে। কৌশলগত পন্থাৰ সন্দৰ্ভত দুয়োৰে মাজত মতানৈক্যৰ বাতৰি পোৱা গৈছে যদিও চূড়ান্ত সিদ্ধান্ত বাছনি সমিতিৰ সন্মতি সাপেক্ষেহে লোৱা হ’ব।
আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ আগন্তুক ভ্ৰমণসমূহ টিম ইণ্ডিয়াৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, য’ত অধিনায়কত্বৰ সন্দৰ্ভত চূড়ান্ত সূত্ৰ ওলাই আহিব পাৰে। সূৰ্যকুমাৰ যাদৱে নিজৰ অধিনায়কত্ব অক্ষুণ্ণ ৰাখিব নে ভাৰতীয় টি-২০ ক্ৰিকেটত নতুন নেতৃত্বৰে যুগৰ সূচনা কৰিব শ্ৰেয়াছ আয়েৰে, তাতেই সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে।








