পশ্চিম বংগৰ ৰাজনীতিৰ পৰা আহিছে গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়া তথ্য অনুসৰি, কলকাতাৰ ই এম বাইপাছৰ সমীপৰ বিলাসী সম্পত্তিৰ মালিকে, য’ৰ পৰা তৃণমূল কংগ্ৰেছে (টিএমচি) নিজৰ সমগ্ৰ সাম্ৰাজ্য আৰু কাৰ্যালয় চলাইছিল, এতিয়া দলটোক “পেক আপ” কৰিবলৈ সময়সীমা বান্ধি দিছে।
৭ জুনত সম্পত্তিৰ মালিক মণ্টু সাহাই পোনে পোনে প্ৰগতি ময়দান থানালৈ গৈ বিষয়াসকলক স্পষ্টকৈ কয় যে তেওঁ বিচাৰে যে, দলটোৱে তৎক্ষণাত তেওঁৰ চৌহদ খালী কৰিব লাগিব। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে ইয়াক টিএমচিৰ বাবে এক বৃহৎ আঘাত বুলি বিবেচিত হৈছে।
এই বিষয়টো কলকাতাৰ কেনেল চাউথ ৰোড (এ/পি-১/এ)ত অৱস্থিত এটা বিলাসী অট্টালিকাৰ সৈতে জড়িত, যিটো বিগত তিনি বছৰ ধৰি “ত্ৰিনমুল ভৱন” নামেৰে পৰিচিত। সম্পত্তিৰ মালিক মণ্টু সাহা আৰু তেওঁৰ পুত্ৰ অমিত সাহাই কয় যে, টিএমচিৰ সৈতে তেওঁলোকৰ ভাড়া চুক্তিৰ ম্যাদ ২০২৫ চনৰ শেষৰ ফালে আনুষ্ঠানিকভাৱে শেষ হৈছিল।
এই চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছৰে পৰা পৰিয়ালটোৱে বাৰে বাৰে দলীয় নেতৃত্বক চৌহদ খালী কৰিবলৈ আবেদন জনাইছিল, যদিও চৰকাৰৰ ক্ষমতাই তেওঁলোকৰ অনুৰোধক আওকাণ কৰিছিল। সাহা পৰিয়ালে ২০২২ চনত এই সম্পত্তিটো টিএমচিক ভাড়াত দিছিল।এই ঠাইখিনি টিএমচিক গতাই দিয়াৰ পূৰ্বে সাহা পৰিয়ালে ইয়াত ‘আৰব ৰেচিডেন্সি’ নামৰ এখন বিলাসী হোটেল চলাইছিল। এই স্থানৰ পৰাই টিএমচিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু শেহতীয়াকৈ সমাপ্ত হোৱা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনা কৰিছিল, ইয়াক যুদ্ধ কক্ষ হিচাপে ব্যৱহাৰ কৰিছিল। নিজৰ দুখ প্ৰকাশ কৰি অমিত সাহাই কয় যে, তেওঁলোকে কেইবাবাৰো নিজৰ বিল্ডিংটো ঘূৰাই বিচাৰিছিল, কাৰণ ইয়াৰ মেৰামতিৰ প্ৰয়োজন আছিল। পিছে দলটোৰ কৰ্মকৰ্তাই এইক্ষেত্ৰত কথা পাতিবলৈ ইচ্ছুক নাছিল, গতিকে তেওঁলোক আৰক্ষীৰ ওচৰলৈ যাবলগীয়া হয়।
ঘৰৰ মালিকৰ থানালৈ অহাৰ খবৰ বিয়পি পৰাৰ লগে লগে টি এম চি কেম্পো উত্তাল হৈ পৰে। অৱশ্যে এইক্ষোত্ৰত দলটোৱে কঠোৰ স্থিতিহে গ্ৰহণ কৰে। নাম প্ৰকাশ নকৰাৰ চৰ্তত টিএমচিৰ এজন জ্যেষ্ঠ বিষয়াই উত্তৰ দিয়ে যে, সাহা পৰিয়ালে নিজৰ সম্পত্তি ভাড়াত দি দলটোৰ কোনো উল্লেখযোগ্য উপকাৰ কৰা নাই। এই চুক্তিৰ বিনিময়ত তেওঁলোকক চৰকাৰ আৰু প্ৰশাসনৰ পৰা কেইবাটাও বৃহৎ আৰু লাভজনক ঠিকা প্ৰদান কৰা হয়।
টিএমচিৰ বাবে বিপদ ইয়াতেই শেষ নহয়। এফালে ভাড়াঘৰ এৰি দিবলৈ জোৰ দিয়া হৈছে, আনফালে আকৌ টপছিয়া ৰোডত অৱস্থিত দলটোৰ মূল ‘তৃণমূল ভৱন’ ইতিমধ্যে গুৰুতৰ আইনী বিবাদৰ মাজত সোমাই পৰিছে। বিদ্ৰোহী বিধায়ক জাভেদ খানে মূল তৃণমূল ভৱনৰ যি মাটিত থিয় হৈ আছে, সেই মাটি তেওঁৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ মাটি বুলি দাবী কৰি নিজৰ দলৰ বিৰুদ্ধে ফ্ৰণ্ট মুকলি কৰিছে। মমতা বেনাৰ্জীৰ দলটোৱে কেনেকৈ নিজৰ ‘ৰাজনৈতিক ভিত্তি’ ৰক্ষা কৰিবলৈ সক্ষম হয় সেয়াহে লক্ষণীয় হ’ব।








