ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত গুজৰাটক শ্ৰেষ্ঠ স্থানত ৰখা হয়। এই গুজৰাটেই বিশ্বৰ কেইবাজনো ধনাঢ্য ব্যক্তি আৰু উদ্যোগপতিক জন্ম দিছে। গুজৰাটৰ এই সমৃদ্ধি কেৱল গুজৰাটৰ চহৰতেই নহয়, বৰঞ্চ আপুনি জানি আচৰিত হ’ব যে এছিয়াৰ ভিতৰত সকলোতকৈ ধনী গাঁওখনো গুজৰাটতেই অৱস্থিত।
কচ্চৰ মধাপাৰ গাঁওখনক এছিয়াৰ সকলোতকৈ ধনী গাঁও বুলি গণ্য কৰা হয়। ভূজৰ বাহিৰত থকা এই গাঁওখনৰ আৱাসীৰ প্ৰায় সাত হাজাৰ কোটি টকাৰ ফিক্স ডিপ’জিট আছে।
জানিব পৰা মতে মধাপাৰৰ বেছি ভাগ লোকেই পেটেল সম্প্ৰদায়ৰ। এই গাঁওখনৰ জনসংখ্যা প্ৰায় ৩২,০০০ জন। গাঁওখনত আছে মুঠ ১৭ টা বেংক।
মধাপাৰৰ গাওঁবাসী ইমান ধনী হোৱাৰ কাৰণ হ’ল তেওঁলোকৰ NRI পৰিয়াল সমূহ। বিদেশত থকা এই লোকসকলে মধাপাৰত থকা তেওঁলোকৰ পৰিয়ালৰ নামত বছৰি কোটি কোটি টকা বেংক আৰু ডাকঘৰ সমূহত ফিক্স ডিপ’জিট কৰে।
উল্লেখ্য যে, মধাপাৰত প্ৰায় ২০০০০ টা পৰিয়াল আছে যদিও এই পৰিয়াল সমূহৰ প্ৰায় ১২০০০ জন সদস্যই বিদেশত বাস কৰে।