অসম চৰকাৰৰ ডাঙৰ ঘোষণা। নিযুক্তি পৰীক্ষাৰ আবেদনকাৰীসকলৰ বাবে আছে সু-খবৰ। অনুষ্ঠিত হ’বলৈ গৈ আছে তৃতীয়-চতুৰ্খ বৰ্গৰ নিযুক্তিৰ পৰীক্ষা।
অহা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ এই বৃহৎ নিযুক্তি প্ৰক্ৰিয়া। অহা ২ ছেপ্টেম্বৰৰ পৰা ডাউনলোড কৰিব পাৰিব নিযুক্তি পৰীক্ষাৰ এডমিট। দুটাকৈ ৱেব চাইটত ডাউনলোড কৰিব পাৰিব এই নিযুক্তি পৰীক্ষাৰ এডমিট।
২ ছেপ্টেম্বৰৰ পুৱা ১১ বজাৰ পৰা এডমিট ডাউনলোড কৰিব পাৰিব আৱেদনকাৰীয়ে। এই এডমিট কাৰ্ডসমূহ www.assam.gov.in আৰু www.site.sebaonline.org যোগে ডাউনলোড কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে।
ইয়াৰ উপৰি আৱেদনকাৰীসকলে কোনোধৰণৰ সমস্যাৰ সন্মুখীন হ’লে যোগাযোগ কৰিবলৈ টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। এই টোল ফ্ৰী নম্বৰ হৈছে- ৯৫৮২৩৯০০৫৬