কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হয় এক জঘন্য ঘটনা। বিদ্যালয়ত অলপ কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতেই এগৰাকী ছাত্ৰীক ৮/১০ গৰাকী ছাত্ৰীয়ে প্ৰহাৰ কৰে।জানিব পৰা মতে ছাত্ৰীজনীৰ বয়স ১৩ বছৰ।
পিছে এই ঘটনা জানিও নিমাত হৈ ৰয় বিদ্যালয়ৰ শিক্ষক তথা অধ্যক্ষই। তেওঁলোকৰ এই নীৰৱ ভূমিকাক লৈ কলাইগাঁও আৰক্ষী থানাত এজেহাৰ দাখিল কৰে ভুক্তভোগী ছাত্ৰীজনীৰ পৰিয়ালৰ লোকে।উল্লেখযোগ্য যে, উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে অধ্যক্ষৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰিছিল।
পিছে এইক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে বিদ্যালয় কৰ্তৃপক্ষই ।ইয়াক লৈ কলাইগাঁওৰ বিভিন্ন দল সংগঠন সৰৱ হোৱা পৰিলক্ষিত হৈছে। ছাত্ৰীগৰাকীৰ অভিভাৱকে এইবাৰ অধ্যক্ষৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰিছে।