কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজৰ মহিলা চিকিৎসকৰ সৈতে কৰা জঘণ্য কাণ্ড তথা হত্যাক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। বিশেষকৈ এই জঘন্য ঘটনাৰ ন্যায় বিচাৰি কলকাতাত ধৰ্মঘট আৰু প্ৰতিবাদ অব্যাহত ৰাখিছে কনিষ্ঠ চিকিৎসকসকলে।
এই নিৰ্লজ্জ ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কোনোধৰণৰ কঠোৰতম ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ লৈ মমতা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সাধাৰণ জনতা। এইসকল লোকক সমৰ্থন কৰি বৰ্তমান পশ্চিম বংগৰ ৰাজ্যপালে মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।
তথ্য অনুসৰি, পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে বৃহস্পতিবাৰে কয় যে, জনসাধাৰণৰ আৱেগৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ তথা আন কোনো কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে কোনো ৰাজহুৱা মঞ্চ ভাগ বতৰা নকৰে।সাংবিধানিক ব্যৱস্থা উলংঘা কৰাৰ বাবে তেওঁ মমতাৰ বিৰুদ্ধে সক্ৰিয় পদক্ষেপ ল’ব।ৰাজ্যপাল হিচাপে তেওঁৰ ভূমিকা সাংবিধানিক কৰ্তব্যতেই সীমাবদ্ধ হৈ থাকিব।
এই বাৰ্তা বসুৱে এটা ভিডিঅ’ৰ জৰিয়তে দিয়ে।লগতে তেওঁ ইয়াকো কয় যে, বংগৰ জনসাধাৰণৰ প্ৰতি তেওঁ প্ৰতিশ্ৰুতিবদ্ধ।
আৰজি ভুক্তভোগী চিকিৎসকগৰাকীৰ পিতৃ-মাতৃ আৰু ন্যায়ৰ বাবে প্ৰতিবাদ কৰা সকলো লোকৰ আবেগৰ প্ৰতি সন্মান জনাই আনন্দে কয় যে, যেতিয়ালৈকে বংগৰ জনসাধাৰণে ন্যায় নাপায় আৰু অপৰাধীসকলক উচিত শাস্তি দিয়া নহয়, তেতিয়ালৈকে তেওঁ সামাজিকভাৱে মুখ্যমন্ত্ৰীক বৰ্জন কৰিব। মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ কোনো ৰাজহুৱা মঞ্চ ভাগ-বতৰা নকৰো আৰু লগতে মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব লগীয়া এনে কোনো কাৰ্যসূচীতেই তেওঁ অংশগ্ৰহণ নকৰে।