কাইলৈ অৰ্থাৎ দেওবাৰে, ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা।পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ গাড়ীচালক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
আনহাতে কাইলৈ হ’ব ৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে মানি চলিব লাগিব কেইবাটাও নিয়ম-
- হাত দীঘল চোলা আৰু জোতা পিন্ধি যাব নোৱাৰিব প্ৰাৰ্থীসকলে
- প্ৰাৰ্থীসকলক Half sleeve পোছাক আৰু চেণ্ডেল পৰিধান কৰি যাবলৈ নিৰ্দেশ
- প্ৰাৰ্থীসকলক অনুমতি সাপেক্ষে চলোৱা হ’ব তালাচী
- তালাচী কৰাত আপত্তি থাকিলে নিৰাপত্তাৰক্ষীক জনাব পাৰিব প্ৰাৰ্থীসকলে
- পৰীক্ষা আৰম্ভ হোৱাৰ পিছত কোনো প্ৰাৰ্থীকে কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব
- এডমিট কাৰ্ড অবিহনে পৰীক্ষাকেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব প্ৰাৰ্থীসকলে
- পৰীক্ষাৰ্থীসকলে আধাৰ, পানকাৰ্ড বা ড্ৰাইভিং লাইচেন্সৰ দৰে যিকোনো এবিধ প্ৰমাণপত্ৰ নিব লাগিব
- ভুল উত্তৰ নিৰ্বাচন কৰিলে কৰ্তন কৰা হ’ব আপোনাৰ নম্বৰ
- এটা প্ৰশ্নৰ বাবে এটাতকৈ অধিক বিকল্প চিহ্নিত কৰিলে নিগেটিভ মাৰ্কিং লাভ কৰিব প্ৰাৰ্থীসকলে
- OMR শ্বীটত নিৰ্ধাৰিত স্থানতে প্ৰাৰ্থীসকলে ৰাফ ৱৰ্ক কৰিব পাৰিব
- পৰীক্ষাৰ অন্তত প্ৰাৰ্থীসকলে OMR উত্তৰবহী, প্ৰশ্ন বুকলেট পৰীক্ষকৰ হাতত জমা দিব লাগিব
- প্ৰাৰ্থীসকলে উত্তৰবহী জমা দিয়াৰ অন্তত ফৰ্ম নং ৮ত স্বাক্ষৰ কৰিব লাগিব
- পৰীক্ষাৰ্থীসকলে মোবাইলকে ধৰি ইলেক্ট্ৰ’নিক ডিভাইচ লগত লৈ যাব নোৱাৰিব
- পৰীক্ষাত নকল কৰিলে ১ লাখ টকাৰ জৰিমনা ভৰিব লাগিব
- পৰীক্ষাত নকল কৰিলে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব
- কু-চক্ৰান্তত জড়িত থাকিলে ১০ কোটি টকা পৰ্যন্ত জৰিমনা, ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ ব্যৱস্থা
- নকল কাৰ্যত থকা বুলি প্ৰমাণিত হ’লে দুবছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব
- পৰীক্ষণ কেন্দ্ৰৰ সৈতে কু-চক্ৰান্তত জড়িত থকাসকলৰ সা-সম্পত্তি বাজেয়াপ্ত কৰা হ’ব
উল্লেখ্য যে, প্ৰতীক্ষিত এই নিযুক্তি পৰীক্ষাত ৩য় বৰ্গৰ বাবে প্ৰায় ১৮,৫০,০০০ পৰীক্ষাৰ্থীয়ে ১৩,৭০,০০০ গৰাকী প্ৰাৰ্থীয়ে ৪ৰ্থ বৰ্গৰ পদত আবেদন জনাইছে।
আনহাতে নিযুক্তি পৰীক্ষাত নকল কৰা প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা কৰাকে ধৰি অন্যান্য অসৎ কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা, নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন, ২০২৪ ৰূপায়ণ কৰিছে। সেই অনুসৰি নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা লোকক তিনি বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব। তদুপৰি সংশ্লিষ্ট লোকজনক ১ লাখৰ পৰা ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব।