দেওবাৰে, অৰ্থাৎ ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা।পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ গাড়ীচালক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে আজিৰ পৰা চলিব কেইবাখনো বিশেষ ৰেল। “উত্তৰ-পূব সীমান্ত ৰে’লৱে”ই কৰিছে বিশেষ ঘোষণা।
নিম্নলিখিত বিৱৰণ অনুসৰি এই ৰে’লসমূহৰ পৰিচালন কৰোৱা হ’ব-
- আলিপুৰদুৱাৰৰ পৰা কামাখ্যা ষ্টেচনলৈ চলিব বিশেষ ৰে’ল
২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৮:১০ বজাত আলিপুৰদুৱাৰৰ পৰা আহিব ৰে’লখন। ২৯ ছেপ্টেম্বৰত পুৱা ৪ বজাত কামাখ্যা ষ্টেচন পাব ৰে’লখন। বিয়লি ৩ বজাত আলিপুৰদুৱাৰ অভিমুখে উভতিব ৰে’লখন।
- দ্বিতীয়খন বিশেষ ৰে’ল চলিব আলিপুৰদুৱাৰ-গুৱাহাটী ষ্টেচনৰ মাজত
আলিপুৰদুৱাৰৰ পৰা ৰে’লখন আহিব ২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাত। ২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত গুৱাহাটী ষ্টেচন পাব ৰে’লখন। গুৱাহাটীৰ পৰা উভতিব ২৯ ছেপ্টেম্বৰৰ আবেলি ৩:৫০ বজাত।
- হাইলাকান্দি-শিলচৰৰ মাজত চলিব তৃতীয়খন বিশেষ ৰে’ল
২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত হাইলাকান্দিৰ পৰা আহিব ৰে’লখন। শিলচৰত পুৱা ৭:১০ বজাত উপস্থিত হ’ব ৰে’লখন। বিয়লি ৩:৩০ বজাত শিলচৰৰ পৰা হাইলাকান্দিলৈ উভতিব ৰে’লখন।
- মৰিয়নি-নাৰেংগীৰ মাজত চলিব চতুৰ্থখন বিশেষ ৰে’ল
২৮ ছেপ্টেম্বৰত মৰিয়নিৰ পৰা ৰে’লখন আহিব বিয়লি ৩:৩৫ বজাত। ২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত ৰে’লখন উপস্থিত হ’ব নাৰেংগীত। নাৰেংগীৰ পৰা বিয়লি ৩:৩০ বজাত উভতিব ৰে’লখন।
- আলিপুৰদুৱাৰ-নিউ বঙাইগাঁৱৰ মাজত চলিব বিশেষ ৰে’ল
২৮ ছেপ্টেম্বৰত আলিপুৰদুৱাৰৰ পৰা মাজনিশা ১২ বজাত এৰিব ৰে’লখন। নিউ বঙাইগাঁৱত উপস্থিত হ’ব ২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৬:২০ বজাত। নিউ বঙাইগাঁৱৰ পৰা ২৯ ছেপ্টেম্বৰত ৰে’লখন এৰিব বিয়লি ৫:৫০ বজাত।
- হয়বৰগাঁৱৰ পৰা গুৱাহাটীলৈ চলিব বিশেষ ৰে’ল
২৮ ছেপ্টেম্বৰৰ আবেলি ২ বজাত হয়বৰগাঁৱৰ পৰা আহিব ৰে’লখন। একেদিনাই সন্ধিয়া ৬ বজাত ৰে’লখন গুৱাহাটী ষ্টেচনত উপস্থিত হ’ব। ২৯ ছেপ্টেম্বৰৰ বিয়লি ৩ বজাত ৰে’লখন উভতিব হয়বৰগাঁৱলৈ।