আজি অসম আৰক্ষী দিৱস। অসমৰ আইন-শৃংখলা আৰু প্ৰশাসনিক দিশটোৰ বাবে আজি এটা বিশেষ দিন। প্ৰত্যেক বছৰৰ অক্টোবৰ মাহৰ পহিলা দিনটোতে পালন কৰা হয় এই দিৱস। অইন বাৰৰ দৰে এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ৭১ সংখ্যক অসম আৰক্ষী দিৱস।
অসম আৰক্ষীৰ বীৰ- শ্বহীদসকলক কৃতজ্ঞতা প্ৰকাশৰ অৰ্থে এই দিৱস পালন কৰা হয়। অসম আৰক্ষী হৈছে অসমৰ আইন শৃংখলাৰক্ষী বাহিনী। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছতেই ইংৰাজসকলে আইন শৃংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰা হৈছিল।
অসম আৰক্ষী ৰাজ্যৰ গৃহ বিভাগৰ অধীনষ্ঠ। “জনহিত জনসেৱাৰ্থে” বাণীৰে অসম আৰক্ষীয়ে ৰাজ্যৰ আটাইকেইখন জিলাতে সেৱা আগবঢ়াই আহিছে।
সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো উদযাপন কৰা হয় অসম অৰক্ষী দিৱস। জিলাখনৰ আৰক্ষী অধীক্ষক হৰেন টকবিৰ উপস্থিতিত জিলা আৰক্ষীয়ে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে এই অসম আৰক্ষী দিৱস। লগতে জিলা সদৰ হাটশিঙিমাৰীস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষীয়ে প্ৰেড মাৰ্চ কৰাৰ সময়ত আৰক্ষী অধীক্ষকে আৰক্ষীৰ উদ্দেশ্যে সন্দৰ্ভত ভাষ্য প্ৰধান কৰে।
শেহতীয়াকৈ জিলাখনৰ আৰক্ষীৰ এজন কনিষ্টবলে ৰাজ্যৰ আৰক্ষী সঞ্চালকৰ তৰফৰ পৰা ৰূপৰ পদক লাভ কৰে বুলি জানিব দিয়ে।