আজি অৰ্থাৎ ৩১ অক্টোবৰত সমগ্ৰ দেশতে পালন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী। প্ৰত্যেক বছৰে কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে। এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ইয়ে “অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়”ক প্ৰতিনিধিত্ব কৰে। এই বিশেষ অনুষ্ঠানত সকলোৱে মা লক্ষ্মী দেৱী আৰু ভগৱান গণেশক পূজা কৰে।
দেশৰ লগতে সমগ্ৰ বিশ্বতে দীপাৱলী উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হয়। গোটেই বছৰটো এই উৎসৱৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰে। কিন্তু ভাৰতৰ কিছুমান চহৰ আছে য’ত বিদেশী পৰ্যটকেও দীপাৱলী উৎসৱ চাবলৈ আহে। ইয়াত দীপাৱলীৰ সময়ত এক পৃথক দৃশ্য দেখা যায়। এই বিশেষ উপলক্ষে ভাৰতৰ সেই চহৰবোৰত দীপাৱলীৰ কথা কওঁ য’ত এই উৎসৱ অতি বিশেষভাৱে পালন কৰা হয়।জানো আহক এই চহৰবোৰৰ নাম-
- অমৃতসৰ
পঞ্জাৱত দীপাৱলী উৎসৱ অতি আড়ম্বৰেৰে পালন কৰা হয়। কিন্তু অমৃতসৰত দীপাৱলী অতি বিশেষ ধৰণেৰে পালন কৰা হয়। উল্লেখ্য যে, অমৃতসৰত দীপাৱলী উৎসৱ বন্দী ছোদ দিৱস নামেৰে পালন কৰা হয়। বিশ্বাস কৰা হয় যে, আজিৰ দিনটোতে শিখসকলৰ ষষ্ঠ গুৰু হৰগোবিন্দ সিঙে জেলৰ পৰা মুক্তি লাভ কৰিছিল। অমৃতসৰৰ স্বৰ্ণ মন্দিৰত এক বিৰল দৃশ্য দেখা যায়। যি অতিকৈ মনোমহা।
- বাৰাণসী
উত্তৰ প্ৰদেশৰ বাৰাণসীৰ দীপাৱলীও অতি দৰ্শনীয়। আনকি দীপাৱলী উৎসৱ উদযাপন কৰিবলৈ বিদেশী পৰ্যটকেও ইয়ালৈ আহে। দীপাৱলীৰ দিনা ইয়াত উপস্থিত হয় লাখ লাখ পৰ্যটক। ইয়াত দীপাৱলীত গংগা ঘাটেও হওক বা কাশী বিশ্বনাথ মন্দিৰেই হওক, ঠাইখনৰ প্ৰতিটো চুক-কোণে দীপেৰে পোহৰাই ৰখা হয়।
- মহীশূৰ
কৰ্ণাটকৰ মহীশূৰতো দীপাৱলী উৎসৱ অতি উলহ-মালহেৰে পালন কৰা হয়। ইয়াত পোহৰৰ উৎসৱ অতি ৰাজকীয় শৈলীত পালন কৰা হয়। দীপাৱলীৰ দিনা ইয়াত মহীশূৰ প্ৰাসাদ অতি সুন্দৰকৈ সজাই তোলা হয়। প্ৰতি বছৰে ইয়ালৈ লাখ লাখ লোকে দীপাৱলী উদযাপন কৰিবলৈ আহে। দীপাৱলীৰ দিনা ইয়াৰ বজাৰবোৰো চাবলগীয়া হয়।