আই পি এল ২০২৫ৰ মেগা নিলামৰ পূৰ্বে ৰিটেইনড খেলুৱৈৰ তালিকা প্ৰকাশৰ অন্তিম তাৰিখ আজি সমাপ্ত। সন্ধিয়াৰ ভিতৰত ১০টা দলৰ সকলো ৰিটেনচন ছবি প্ৰকাশ কৰা হ’ব। ৰিটেনচনৰ সৈতে জড়িত প্ৰতিটো আপডেট জানো আহক-
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ
লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিকোলাছ পুৰাণৰ লগতে মায়ংক যাদৱ, ৰবি বিষ্ণোই, মহছিন খান আৰু আয়ুষ বদোনীক ৰাখিব পাৰে। আনহাতে অধিনায়ক কে এল ৰাহুল, মাৰ্কাছ ষ্ট’ইনিছ আৰু কুইণ্টন ডি ককৰ দৰে খেলুৱৈক নিলামৰ বাবে মুকলি কৰি দিয়াৰ সম্ভৱনা আছে।
গুজৰাট টাইটানছ
গুজৰাট টাইটানছৰ দলটোৱে অধিনায়ক শুভমান গীল, ৰছিদ খান, ছাই সুদৰ্শন, ৰাহুল তেৱাটিয়া আৰু শ্বাহৰুখ খানক ৰাখিব পাৰে। আনহাতে মহম্মদ ছাম্মি, ডেভিদ মিলাৰ, উমেশ যাদৱ, কেন উইলিয়ামছনৰ দৰে অভিজ্ঞ খেলুৱৈক মুকলি কৰি দিয়াৰ সম্ভৱনা আছে।
পঞ্জাৱ কিংছ
পঞ্জাৱ কিংছৰ দলটোৱে কেৱল শশাংক সিং আৰু প্ৰভসীমৰণ সিঙক ৰাখিবলৈ চিন্তা কৰিছে। আৰ্ছদীপ সিং, কাগিছ’ ৰাবাদা, জনী বেয়াৰষ্ট’, লিয়াম লিভিংষ্টনৰ দৰে বিখ্যাত খেলুৱৈকো সকলোৰে সৈতে মুকলি কৰি দিয়াৰ সম্ভৱনা আছে, ইফালে অৱসৰ গ্ৰহণ কৰিছে শিখৰ ধাৱানে।
ৰাজস্থান ৰয়েলছ
ৰাজস্থান ৰয়েলছত অধিনায়ক সঞ্জু চেমছন, যশস্বী জয়ছৱাল, ৰিয়ান পৰাগ আৰু সন্দীপ শৰ্মাক ৰাখিব পাৰে, আনহাতে ধ্ৰুৱ জুৰেলৰো চৰ্চা চলি আছে। জোছ বাটলাৰ, যুজবেন্দ্ৰ চাহাল, ট্ৰেণ্ট ব’ল্ট আৰু ৰবিচন্দ্ৰন অশ্বিনকে ধৰি বাকী খেলুৱৈসকলক মুকলি কৰি দিব পাৰে।
আই পি এল ২০২৫ ৰিটেচন ক’ত চাব পাৰিব লাইভত-
আই পি এল ২০২৫ ৰিটেচন লাইভ মোবাইলত চাব বিচাৰিলে, তেন্তে আমি জিঅ’ চিনেমা এপত থাকিব লাগিব। সন্ধিয়া ৪:৩০ বজাৰ পৰা জিঅ’ চিনেমাত ইয়াৰ লাইভ ষ্ট্ৰীমিং আৰম্ভ হ’ব। টিভিত ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত ইয়াৰ লাইভ প্ৰচাৰ কৰা হ’ব।
আই পি এল ২০২৫ ৰ বাবে কোনো দলে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। আজি বিয়লি ৪.৩০ বজাৰ পৰা ৰিটেইনড খেলুৱৈৰ তালিকা আহিব পাৰে।
নৱেম্বৰ মাহত হ’ব পাৰে আই পি এল ২০২৫ৰ মেগা নিলাম। সন্ধিয়াৰ ভিতৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ১০টা দলৰ আটাইকেইটা দলৰ ৰিটেইনড খেলুৱৈৰ নাম। ইয়াৰ পিছত ছবিবোৰ স্পষ্ট হৈ পৰিব আৰু এইবাৰ কোনজন খেলুৱৈয়ে মেগা নিলামত প্ৰৱেশ কৰিব সেয়া জানিব পৰা যাব। প্ৰতিবেদন অনুসৰি, কে এল ৰাহুল, ঋষভ পন্ত, শ্ৰেয়াছ আয়াৰৰ দৰে বহু ডাঙৰ খেলুৱৈক মুকলি কৰি মেগা নিলামত প্ৰৱেশ কৰিবলৈ ওলাইছে।