আন্তঃৰাষ্ট্ৰীয় সকলো সমালোচনাৰ মাজতো ইজৰাইলে অব্যাহত ৰাখিছে লেবাননত আক্ৰমণ। কেৱল লেবাননৰ সাধাৰণ নাগৰিকেই নহয়, চাকৰি বা আন যিকোনো কামৰ বাবে লেবাননলৈ অহা আন দেশৰ লোক সকলো ইজৰাইলৰ এই আক্ৰমণৰ বলি হৈছে।লেবাননত চলি থকা ইজৰাইলৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে এজন বাংলাদেশী শ্ৰমিকৰ।
ইজৰাইলৰ আক্ৰমণত বাংলাদেশৰ এই শ্ৰমিকজনে নিজৰ প্ৰাণ হোৰুৱাইছে। লেবাননত থকা বাংলাদেশৰ ৰাষ্ট্ৰদূত জাভেদ তনবীৰ খানে এক বিবৃতিত কয় যে, শনিবাৰে বিয়লি বেইৰুটৰ কামলৈ যোৱাৰ পথত এখন কফি শ্বপত ৰৈ থকা মহম্মদ নিজাম (৩১) নামৰ এই যুৱকজন আক্ৰমণ কৰা হয়।
বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি, লেবাননত প্ৰায় ৭০ হাজাৰৰ পৰা এক লাখ বাংলাদেশীয়ে কাম কৰে। বেছিভাগ বাংলাদেশী মানুহেই তাত শ্ৰমিক হিচাপে কাম কৰে।যোৱা মাহত ৰাষ্ট্ৰসংঘৰ সহায়ত প্ৰথমখন বিমানেৰে বাংলাদেশে লেবাননৰ পৰা বাংলাদেশীক ঘূৰাই আনিছিল। য’ত শ শ বাংলাদেশীক দেশলৈ ঘূৰাই নিয়া হৈছিল।বাংলাদেশৰ হাজাৰ হাজাৰ শ্ৰমিক এতিয়াও লেবাননত আৱদ্ধ হৈ আছে।