চেম্পিয়নছ ট্ৰফী ২০২৫ সন্দৰ্ভত ওলাইছে এক ডাঙৰ আপডেট। ফেব্ৰুৱাৰী মাহত পাকিস্তানে আয়োজন কৰিব চেম্পিয়নছ ট্ৰফী ২০২৫। কিন্তু এই প্ৰতিযোগিতাৰ সূচী এতিয়াও ঘোষণা কৰা নাই আইচিচিয়ে।
একে সময়তে ভাৰত আৰু পাকিস্তানৰ মাজত সু-সম্পৰ্ক নথকাৰ লগতে পাকিস্তানত ভাৰতৰ নিৰাপত্তাৰ ভাবুকিৰ মাজতো পিচিবি (Pakistan Cricket Board) এতিয়াও আশাবাদী যে, টীম ইণ্ডিয়াই এই প্ৰতিযোগিতাৰ বাবে পাকিস্তানলৈ যাব। এনে পৰিস্থিতিত পিচিবিয়ে লাহোৰত টীম ইণ্ডিয়াৰ সকলো খেল ড্ৰাফট সূচীত ৰাখিছিল।
কিন্তু বৰ্তমান পাকিস্তান ক্ৰিকেট ব’ৰ্ডে পূৰ্বৰ সিদ্ধান্তৰ পৰা পিছুৱাই আহি আয়োজিত হ’বলগীয়া ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ সূচীত পৰিৱৰ্তন কৰিবলৈ সাজু হৈছে।
পিটিআইৰ প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত ভাৰতৰ মেচসমূহ ইউ এ ইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২০২৩ চনত এছিয়া কাপও হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিল। তেতিয়াও হ’ষ্টিং পাকিস্তানতে আছিল। এনে পৰিস্থিতিত ভাৰতে নিজৰ মেচসমূহ শ্ৰীলংকাত খেলিছিল কাৰণ চৰকাৰে খেলুৱৈসকলক সীমান্ত পাৰ হৈ যাবলৈ অনুমতি দিয়া নাছিল।
এই দুই স্থানত অনুষ্ঠিত হ’ব পাৰে ভাৰতৰ খেল-
পিচিবিৰ এক নিৰ্ভৰযোগ্য সূত্ৰই পিটিআইক জনোৱা অনুসৰি, পিচিবিয়ে অনুভৱ কৰে যে ভাৰত চৰকাৰে পাকিস্তান ভ্ৰমণত অনুমোদন নিদিলেও সূচীত কিছু পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। কাৰণ ভাৰতে ডুবাই বা শ্বাৰজাহত নিজৰ মেচ খেলাৰ সকলো সম্ভাৱনা আছে। এনে পৰিস্থিতিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই বিষয়ত কেতিয়া চূড়ান্ত সিদ্ধান্ত ল’ব সেয়া হ’ব লক্ষণীয়।
প্ৰতিবেদন অনুসৰি, চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী অহা ১১ নৱেম্বৰত ঘোষণা কৰিব পাৰিব। আচলতে পিচিবিয়ে আইচিচিক হেঁচা প্ৰয়োগ কৰি অহা সপ্তাহৰ ভিতৰত প্ৰতিযোগিতাখনৰ সূচী ঘোষণা কৰিব। সূত্ৰটোৱে কয় যে, পিচিবিয়ে আইচিচিৰ সৈতে কিছু মাহৰ পূৰ্বে প্ৰেৰণ কৰা সম্ভাৱ্য সূচী সম্পৰ্কে আলোচনা কৰিছে আৰু তেওঁলোকে বিচাৰে যে একে সূচী ১১ নৱেম্বৰত ঘোষণা কৰা হওঁক। পিচিবিয়ে আইচিচিক জনাইছে যে, সংশোধিত বাজেটৰ সৈতে বিকল্প পৰিকল্পনা ইতিমধ্যে আছে গতিকে সম্ভাৱ্য সূচী প্ৰকাশ কৰাত পলম কৰাৰ কোনো লাভ নাই।
সূত্ৰটোৱে জনোৱা মতে, পিচিবিয়ে অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে আইচিচিয়ে ভাৰতীয় দলটো পাকিস্তানলৈ প্ৰেৰণ কৰিব নে নাই সেয়া নিশ্চিত কৰিবলৈ বিচিচিআইক হেঁচা প্ৰয়োগ কৰিবলৈ কৈছে।