দুই-তিনিদিন ধৰি নেৰানেপেৰাকৈ পৰিছে বৰষুণ। নেৰানেপেৰা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন।
গুৱাহাটীৰ বিভিন্ন অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবল। ৰাস্তাই ঘাটে কেৱল পানী আৰু পানী। চানমাৰীকে ধৰি অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, লখিমী নগৰত কৃত্ৰিম বান। কৃত্ৰিম বানৰ ফলত যাতায়াত বিঘ্নিত হৈ পৰিছে গুৱাহাটীত। নেৰানেপেৰা বৰষুণৰ ফলত আতংকিত হৈ পৰিছে পাহাৰ অঞ্চলৰ বাসিন্দা। যিকোনো মুহূৰ্তত ভূমিস্খলন হোৱাৰ সম্ভাৱনা। গতিকে সাৱধান হৈ থাকিব পাহাৰত থকা বাসিন্দাসকলে।
বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে কেইবাদিন ধৰি বৰষুণ অব্যাহত থাকিব বুলি ৰেড এলাৰ্ট জাৰি কৰিছিল। ওৰে সপ্তাহটো বৰষুণ পৰি থাকিব বুলিও প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিগত দুদিনত ব্ৰহ্মপুত্ৰ নৈৰ জলস্তৰ বৃদ্ধি পাইছে। ৰাজ্যৰ নৈ উপনৈ সমূহৰো জলস্তৰ বৃদ্ধি হৈছে। বিপদসীমাৰ ওপৰেৰে বৈছে কেইবাখনো নৈৰ পানী।