পশ্চিমবংগৰ ৰাজনীতিত এতিয়া টুইষ্ট আহিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰিলে বিজেপি সাংসদ অনন্ত মহাৰাজক। টি এম চিৰ প্ৰমুখ মমতাৰ মুখ্য বিৰোধী দল বিজেপিৰ সাংসদ অনন্ত ৰায় মহাৰাজক সাক্ষাতৰ পিছতে পশ্চিমবংগত এতিয়া সৰৱ চৰ্চা আৰম্ভ হৈছে।
বিজেপিৰ ৰাজ্যসভাৰ সাংসদ অনন্ত ৰায় মহাৰাজে অতি ৰাজকীয়ভাবে আদৰিলে মমতা বেনাৰ্জীক। বিজেপি সাংসদগৰাকীক মমতা বেনাৰ্জীয়ে কিয় সাক্ষাৎ কৰিলে সেয়া সবিশেষ তথ্য প্ৰকাশ পোৱা নাই। কিন্তু মমতা বিজেপি সাংসদৰ সাক্ষাতৰ বিষয়টো পশ্চিমবংগৰ ৰাজনীতিত সৰৱ চৰ্চা চলিছে।
উত্তৰ বংগৰ ৰাজনীতিত এক বৃহৎ ছবি হৈছে অনন্ত ৰায় মহাৰাজ। বিজেপিয়ে উত্তৰ বংগত বিগত বৰ্ষত ভাল ফলাফল দেখুৱাইছে উত্তৰ বংগত। কোচবিহাৰক ৰাজ্য গঠনৰ দাবী কৰা অনন্ত ৰায় মহাৰাজ হৈছে কোচবিহাৰ পিপ’লছ এশ্যচিয়েশ্যনৰ অধ্যক্ষ। পশ্চিমবংগৰ পৰা কোচবিহাৰক কাটি পৃথক ৰাজ্য গঠন কৰিব লাগে বুলি দাবী কৰি আহিছে অনন্ত ৰায় মহাৰাজে। অনন্ত ৰায় মহাৰাজে পশ্চিমবংগৰ পৰা বিজেপিৰ হৈ ৰাজ্যসভাৰ সাংসদ হ’বলৈ সক্ষম হৈছিল।