অভিযানকাৰী আৰক্ষীক গুলীওৱা ডকাইতক এনকাউণ্টাৰ। বোকাখাতত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
পুৱতি নিশা বোকাখাতত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিল তিনিটা দুৰ্ধৰ্ষ ডকাইতে। এই খবৰ লাভ কৰাৰ পিছতে বোকাখাত আৰক্ষীয়ে চলাইছিল অভিযান। দুৰ্ধৰ্ষ ডকাইত বাবু শইকীয়া, পল্লৱ বসুমতাৰী আৰু গৌতম দলে আটক কৰিছে আৰক্ষীয়ে। বোকাখাতত সঘনাই বাইক চুৰি হোৱাৰ ঘটনাৰ আঁত ধৰি বোকাখাত আৰক্ষীয়ে অভিযান চলাইছিল ডকাইত বাবু শইকীয়াৰ ঘৰত। অভিযানৰ সময়তে পল্লৱ বসুমতাৰী নামৰ এটা এটা ডকাইতে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। গুলীচালনা কৰাৰ পিছতে পলাবলৈ চেষ্টা কৰিছিল ডকাইত পল্লৱ বসুমতাৰী। লগে লগে আৰক্ষীয়ে দুৰ্ধৰ্ষ ডকাইথ পল্লৱক ৰুধিবলৈ গুলীচালনা কৰেয আৰক্ষীৰ গুলী ভৰিত লাগি ৰৈ যাবলগীয়া হয় ডকাইত পল্লৱ বসুমতাৰী। ২০২৩ চনত উদয় চাংমা নামৰ এজন শিক্ষকক গুলীয়াই বাইক লৈ উধাও হৈছিল ডকাইত বাবু শইকীয়া, পল্লৱ বসুমতাৰী আৰু গৌতম দলে। এই ঘটনাৰ তদন্ত চলি থকাৰ সময়তে ডকাইত বাবু শইকীয়াৰ ঘৰত অভিযান চলাইছিল আৰক্ষীয়ে। অভিযানৰ সময়তে আৰক্ষীক গুলীয়াইছিল পল্লৱ বসুমতাৰীয়ে। আৰক্ষীৰ গুলীত আহত হৈ চিকিৎসাধীন হৈ আছে ডকাইত পল্লৱ বসুমতাৰী। আৰক্ষীৰ ভাষ্য মতে বাবু শইকীয়াসহ ডকাইতৰ দলটোৱে ডকাইিতৰ বাবে খাপ পিটি আছিল বোকাখাতত।