আজি ঘোষণা কৰা হ’ব মহাৰাষ্ট্ৰৰ লগতে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল। ৰাতিপুৱা ৮ বজাৰ পৰা চলি থকা ভোটগণনাই ভাগ্য নিৰ্ণয় কৰিব ঝাৰখণ্ডৰ ৮১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰা ঝাৰখণ্ড নিৰ্বাচনত দেখা গৈছে শাসকীয় মিত্ৰজোঁটৰ যাদু। এই পৰ্যন্ত শাসকীয় মিত্ৰজোঁটে ৪৯ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটে ৩০ খন আসনত আগবাঢ়ি আছে।
ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা জে এম এমৰ মুৰব্বী হেমন্ত চোৰেনে প্ৰতিদ্বন্দ্বিতা কৰা বাৰহাইট সমষ্টিত বিজেপি প্ৰাৰ্থী পিছ পৰি থকা পৰিলক্ষিত হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি তৃতীয় ৰাউণ্ডৰ অন্তত হেমন্ত চোৰেনে ৮২০২টা ভোটত আগবাঢ়ি আছে।
এই পৰ্যন্ত হেমন্ত চোৰেনে ২০১৩৩টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী বিজেপি প্ৰাৰ্থী গামলিয়েল হেমব্ৰুমে ৮৬৫১ টা লাভ কৰিছে।
ইফালে গাণ্ডেই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা হেমন্ত চোৰেনৰ পত্নী কল্পনা মুৰ্মু চোৰেন বিজেপি প্ৰাৰ্থী মুনিয়া দেৱীতকৈ ৩০১৯ টা ভোটত পিছ পৰি থকা পৰিলক্ষিত হৈছে। চতুৰ্থ ৰাউণ্ডৰ অন্তত মুনিয়া দেৱীয়ে ২৭৪৮৫টা ভোট লাভ কৰাৰ বিপৰীতে কল্পনাই লাভ কৰিছে ২৩৮৬৪টা ভোট।