পত্নীৰ মৃত্যু সহ্য কৰিব নোৱাৰি ছাৰ্ভিছ পিষ্টলেৰে গুলীয়াই জীৱন শেষ কৰা IPS শিলাদিত্য চেতিয়াৰ আজি সম্পন্ন হ’ল শেষকৃত্য। শিলাদিত্য চেতিয়াৰ সৈতে একেলগে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ল পত্নী আগমণি বৰবৰুৱাৰো।
নৱগ্ৰহ শ্মশানত স্বামী-স্ত্ৰীৰ একেলগে সম্পন্ন অন্ত্যেষ্টিক্ৰিয়া। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ল শেষকৃত্য। শেষকৃত্যৰ পূৰ্বে আৰক্ষীৰ মুখ্য কাৰ্যালয়ত জনোৱা হ’ল শ্ৰদ্ধাঞ্জলি। ১৮ জুনত পত্নীৰ মৃত্যুৰ পিছত শোকত ভাগি পৰিছিল IPS বিষয়াগৰাকী। নেমকেয়াৰ হাস্পতালৰ ICUৰ ভিতৰত শিলাদিত্য চেতিয়াই ছাৰ্ভিছ পিষ্টলেৰে শেষ কৰি পেলাইছিল নিজৰ জীৱন। পত্নী আগমণি বৰবৰুৱাৰ মৃত্যুৰ দুখ সহিব নোৱাৰি বিষয়াগৰাকীয়ে এই চৰম পন্থা লৈছিল বুলি চৰ্চিত হৈছে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল পত্নী আগমণি বৰবৰুৱা। জীৱনৰ যুদ্ধত হাৰ মানিছিল পত্নী আগমণি বৰবৰুৱাই। পত্নীৰ মৃত্যুৰ প্ৰায় কেইটমান মুহূৰ্তৰ পিছতে জীৱনৰ অতি কঠোৰ পন্থা বাচি লৈছিল IPS বিষয়া শিলাদিত্য চেতিয়াই।