বৃহস্পতিবাৰে সংসদত ৱাকফ সংশোধনী বিধেয়কক লৈ গঠিত জেপিচিৰ ২৮ সংখ্যক বৈঠক অনুষ্ঠিত হয়। সভাত জেপিচিৰ সকলো সদস্যক ৮৮৭ পৃষ্ঠাৰ গোপনীয় প্ৰতিবেদন প্ৰদান কৰা হয়।
এই সমিতিৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, যুটীয়া সংসদীয় সমিতিয়ে এতিয়ালৈকে ৱাকফ সংশোধনী বিধেয়কৰ ৪৪টা সংশোধনীৰ ওপৰত ৫০০ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে। কমিটীৰ প্ৰতিবেদনে চূড়ান্ত ৰূপ লোৱাৰ লগে লগে আৰু কিছু পৃষ্ঠা যোগ হোৱাৰ সম্ভাৱনা আছে।
১১ ডিচেম্বৰত জেপিচিৰ পৰৱৰ্তী বৈঠকৰ আহ্বান কৰা হৈছে। অহা ১১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বৈঠকত ধৰ্মীয় সংগঠন দাৰুল উলুম দেওবন্দৰ সদস্যসকলক জেপিচিলৈ মাতি অনা হ’ব। এতিয়ালৈকে দাৰুল উলুমে ৱাকফৰ ওপৰত জেপিচিৰ বৈঠকত অংশগ্ৰহণ কৰা নাছিল। সূত্ৰ অনুসৰি, কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা মিৰৱাইজ উমৰ ফাৰুকেও জেপিচিৰ সন্মুখত আহি নিজৰ উদ্দেশ্য প্ৰকাশ কৰিব বিচাৰিছে।
উমৰ ফাৰুকে এই সন্দৰ্ভত সমিতিৰ অধ্যক্ষলৈ পত্ৰ লিখি তেওঁৰ মতামত দাঙি ধৰাৰ সুযোগ দিবলৈ অনুৰোধ কৰিছে। কমিটীৰ সদস্যসকলৰ মতে, মিৰৱাইজে কমিটীৰ সন্মুখত হাজিৰ হ’বলৈ কৰা অনুৰোধৰ পৰাও এইখন দেশৰ আইন-শৃংখলাৰ ওপৰত এতিয়া তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে বুলি প্ৰমাণিত হৈছে।
জেপিচি গঠনৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰায় ৩ ঘণ্টা ধৰি চলি থকা বৈঠকত শান্তিপূৰ্ণ আৰু আন্তৰিক পৰিবেশত মন্ত্ৰণালয়ৰ বিষয়াসকলক আলোচনা কৰি প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ পূৰ্বে প্ৰায় ২৭খন বৈঠকতে কমিটীৰ সদস্যসকলৰ মাজত বিতৰ্কৰ পৰিৱেশৰ সৃষ্টি হৈছিল।