বিলাহী এবিধ প্ৰয়োজনীয় পাচলি। বিলাহী যদি আপুনি কিনিবলৈ গৈছে তেন্তে এশবাৰ চিন্তা কৰক। খাৰুপেটীয়া, বৰপেটাৰ পাইকাৰী বজাৰৰ বিলাহীৰ দাম এতিয়া চেঞ্চুৰী পাৰ কৰিছে।
গুৱাহাটীৰ বজাৰত বিলাহী কিনিবলৈ গ’লে আপোনাৰ জ্বৰ উঠিব। এক কিলোগ্ৰাম বিলাহীৰ দাম এতিয়া ১২০টকা পৰ্যন্ত পাইছেগৈ গুৱাহাটীৰ বজাৰত। বিলাহী এতিয়া পাবলৈ নোহোৱা হৈছে গুৱাহাটীৰ বজাৰত। যদিওবা পকা পকা বিলাহী দেখি আপুনি কিনিম বুলি ভাবিছে তেন্তে দাম শুনি আপোনাৰ জ্বৰ উঠিব।
গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন বজাৰত বিলাহীৰ উৰ্দ্ধগতি দামে চিন্তাত পেলাইছে জনতাক। উৎপাদন নোহোৱাৰ সুযোগ লৈ ব্যৱসায়ীয়ে অত্যধিক লাভৰ আশাত বিলাহী বিক্ৰী কৰিছে চৰা দাম। বিলাহীৰ সমান্তৰালকৈ আন আন পাচিলৰ দামো এতিয়া বহু ওপৰত। জিকা, ভেণ্ডি, টীয়হ, পটলৰ দাম হঠাৎ বৃদ্ধি পাইছে বজাৰসমূহত। বাৰিষাৰ সুযোগ লৈ এচাম ব্যৱসায়ীয়ে ১০টকা লাভৰ পৰিবৰ্তে ৩০টকা পৰ্যন্ত লাভ বিচাৰি দাম বৃদ্ধি কৰাত নামি পৰিছে।
এইক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা যদি পাচলি বজাৰ সমূহ নিয়ন্ত্ৰণ নকৰে তেন্তে হয়তো ২০০টকা পৰ্যন্ত হ’ব কিছুমান পাচলিৰ দাম।