ঝাৰখণ্ডৰ ২৩ নং ৰামগঢ়-বোকাৰো ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন দহচকীয়া ট্ৰাকে শিক্ষাৰ্থীৰে ভৰা এখন টেম্পোক খুন্দিওৱাৰ ফলত তিনিজন শিক্ষাৰ্থীসহ বাহনখনৰ চালকজনৰ মৃত্যু হয়। এই ঘটনাত কেইবাগৰাকীও শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হৈছে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলত এক অবৰ্নণীয় পৰিৱেশৰ সৃষ্টি হয় আৰু স্থানীয় লোকসকলে দুৰ্ঘটনাত পতিত হোৱাসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, শীতৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজ্যখনৰ সকলো বিদ্যালয় ১৩ জানুৱাৰীলৈ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু চৰকাৰৰ এই নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই গুডৱিল মিচন স্কুলে পাঠদান অব্যাহত ৰাখিছিল।
দুৰ্ঘটনাত পতিত হোৱা শিক্ষাৰ্থীসকল এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে প্ৰশাসনে এই ঘটনাৰ তদন্ত ঘোষণা কৰাৰ লগতে ব্যক্তিগত বিদ্যালয়খনৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।