বুধবাৰে বিহাৰৰ সমষ্টিপুৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জিলাখনৰ বৈইনীস্থিত এটা এলুমিনিয়াম কাৰখানাত বিস্ফোৰণ সংঘটিত হয়। প্ৰাৰম্ভিক খবৰ অনুসৰি, এই ঘটনাত এজন লোকৰ মৃত্যু হৈছে। কাৰখানাটোৰ বয়লাৰ বিস্ফোৰণৰ ফলত সংঘটিত এই ঘটনাত আন বহু লোক আহত হোৱাৰো খবৰ আহিছে।
এই বিস্ফোৰণৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আৰু আহত লোকসকলক হাস্পতালত ভৰ্তি কৰোৱা হয়। সুৰক্ষাজনিত কাৰণত কাৰখানাটোৰ ওচৰৰ-পাজৰৰ লোকসকলক ঘটনাস্থলৰ পৰা আঁতৰাই পঠিওৱা হৈছে।
এই বিস্ফোৰণৰ সময়ত কাৰখানাটোৰ ভিতৰত কিমান লোক আছিল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি গুৰুতৰভাৱে আহত হোৱা কেইবাজনো শ্ৰমিকৰ অৱস্থা সংকটজনক।