স্বদেশলৈ উভতাৰ পূৰ্বে মহাসংকটত টীম-ইণ্ডিয়া। বাৰ্বাডোজৰ হোটেলত বন্দী হৈ থাকিবলগীয়া হৈছে ৰোহিত বাহিনী। ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সতৰ্কবাণীৰ পাছতেই বিপদত পৰিছে ভাৰতীয় ক্ৰিকেট দল।
উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ ফাইনেলৰ পাছতেই কেৰিবিয়ান দ্বীপপুঞ্জত প্ৰকৃতিয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ। ভয়ংকৰ গতিবেগেৰে অহা ঘূৰ্ণীবতাহে চলাইছে তীব্ৰ তাণ্ডৱ। হাই-এলাৰ্ট জাৰি কৰিছে ৱেষ্ট ইণ্ডিজৰ কেইবাটাও দ্বীপপুঞ্জত।
নিজৰ বাসগৃহ, হোটেল আদিৰ পৰা ওলাই নাহিবলৈ প্ৰশাসনে জাৰি কৰিছে নিৰ্দশনা। চাৰিওফালে হৈ উঠিছে জৰুৰীকালীন সদৃশ পৰিস্থিতি। প্ৰবল ঘূৰ্ণীবতাহৰ বাবে বাতিল কৰা হৈছে সকলো বিমান। যাৰ বাবে হোটেলৰ কোঠাত আৱদ্ধ হৈ ৰ’ব লগা হৈছে ভাৰতীয় দলটো।
উল্লেখ্য যে বিশ্বকাপৰ ফাইনেল জয়ী হোৱাৰ পিছদিনাই গৃহভূমিলৈ উভতাৰ কথা আছিল ভাৰতীয় ক্ৰিকেট দলটো। কিন্তু বাৰ্বাডোজত প্ৰকৃতিয়ে চলোৱা তাণ্ডৱৰ বাবে বিমানবন্দৰ বন্ধ হৈ পৰাত ভাৰতীয় দলটো হোটলতে আৱদ্ধ থাকিবলগীয়া হৈছে।
পৰিস্থিতি স্বাভাৱিক হ’লেই বিশেষ চাৰ্টাৰ্ড বিমানেৰে ভাৰতীয় ক্ৰিকেট দলটোক স্বদেশলৈ উভতাই অনাৰ চিন্তা-চৰ্চা কৰিছে বিচিচিআইয়ে।