বিগত দুবছৰ ধৰি মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা জাতিগত হিংসা আৰু দলীয় বিধায়কৰ অসন্তুষ্টিৰ মাজতে দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে।
ইম্ফলৰ ৰাজভৱনত তেওঁ ৰাজ্যপাল অজয় কুমাৰ ভল্লাক পদত্যাগ পত্ৰ দাখিল কৰে। সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ মাজতে ৰাজ্যত বিজেপি চৰকাৰৰ নেতৃত্ব দিয়া বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। কেইবামাহো ধৰি দলত চলি থকা অশান্তি আৰু আভ্যন্তৰীণ আলোচনাৰ অন্তত তেওঁৰ পদত্যাগ।
দেওবাৰে এন বীৰেণ সিঙে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাৰ সৈতে ডেৰ ঘণ্টীয়া বৈঠকত মিলিত হয়। এই বৈঠক অনুষ্ঠিত হৈছিল দিল্লীৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহত। গৃহমন্ত্ৰীৰ ঘৰৰ পৰা ওলাই আহি বীৰেণ সিং পোনে পোনে ইম্ফললৈ যায়।
ইয়াৰ পিছতে ৰাজ্যপাল অজয় ভল্লাক সাক্ষাৎ কৰি পদত্যাগ কৰে বীৰেন সিঙে। ৰাজ্যপালৰ ওচৰত দাখিল কৰা পদত্যাগ পত্ৰত তেওঁ মণিপুৰৰ অখণ্ডতা আৰু ৰাজ্যৰ নিৰাপত্তা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।
পদত্যাগ পত্ৰত তেওঁ লগতে ৰাজ্যৰ স্থিতিশীলতা আৰু নিৰাপত্তা সম্পৰ্কীয় পাঁচটা বৃ্হৎ দাবী কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত উত্থাপন কৰে। মণিপুৰৰ ঐতিহাসিক আৰু সাংস্কৃতিক অখণ্ডতা বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি বীৰেণ সিঙে লগতে সীমান্তত অনুপ্ৰৱেশ বন্ধ কৰাৰ আৰু অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ নীতি প্ৰণয়নৰ দাবী জনায়। সীমান্তৰ দ্ৰুত উন্নয়নৰ কাম অব্যাহত ৰাখিবলৈও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় পদত্যাগী বীৰেণ সিঙে।