প্ৰয়াগৰাজ মহাকুম্ভৰ পৰা ভাইৰেল হোৱা মধ্যপ্ৰদেশৰ খাৰগোণ জিলাৰ মহেশ্বৰৰ বাসিন্দা মনালিছা ভোছলে অৱশেষত অভিনয় জগতত প্ৰথম খোজ দিবলৈ মুম্বাইত উপস্থিত হৈছে। পৰিয়ালৰ আশীৰ্বাদ লৈ পৰিয়ালসহ মহেশ্বৰৰ পৰা বিখ্যাত বলীউড পৰিচালক সনোজ মিশ্ৰৰ সহকাৰীৰ সৈতে মনালিছাই মুম্বাইলৈ ৰাওনা হয়।
মহাকুম্ভ ২০২৫ য়ে সলাই পেলাই ভাগ্যৰ চকৰি। প্ৰয়াগৰাজত ভৰি দিয়াৰ পিছত নিশাৰ ভিতৰতে চাঞ্চল্যৰ সৃষ্টি হৈছে পাথৰৰ হাৰ বিক্ৰেতা মনালিছা ভোছলেৰ জীৱনত। যাক লৈ বৰ্তমান চাৰিওফালে বিয়পি পৰিছে তীব্ৰ উৎসুকতা। অৱশেষত মেকুৰী চকুঁৱা এইগৰাকী যুৱতীয়ে গ্লেমাৰ জগতৰ পৰাও আমন্ত্ৰণ পায়।
উল্লেখ্য যে, ভাইৰেল ছোৱালী মনালিছাই প্ৰয়াগৰাজ কুম্ভত ভাইৰেল হোৱাৰ পিছত বলীউডত ছবিৰ অফাৰ পায়। পৰিচালক সনোজ মিশ্ৰই নিজেই মহেশ্বৰলৈ গৈ ‘দ্য ডায়েৰী অৱ মণিপুৰ’ ছবিৰ বাবে চহী কৰে।
খাৰগোণ জিলা সদৰৰ পৰা প্ৰায় ৬৫ কিলোমিটাৰ নিলগত অৱস্থিত পৰ্যটন চহৰ মহেশ্বৰৰ এইগৰাকী যুৱতী বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে। পৰিয়ালৰ সৈতে ৰোজাৰী আৰু ৰুদ্ৰাক্ষৰ মালা বিক্ৰী কৰি কাম কৰা এই ছোৱালীজনীয়ে ধুনীয়া চকুযুৰিৰ বাবে বিখ্যাত হৈ পৰিছে।
এতিয়া মনালিছা ভোছলে মহেশ্বৰৰ পৰা মুম্বাইলৈ ৰাওনা হৈছে ‘দ্য ডায়েৰী অৱ মণিপুৰ’ ছবিখনৰ শ্বুটিঙৰ বাবে। তেওঁক লগত লৈ যাবলৈ চলচ্চিত্ৰ পৰিচালক সনোজ মিশ্ৰৰ সহযোগী মহেন্দ্ৰ লোধিয়ে নিজেই মহেশ্বৰত উপস্থিত হয়।
একে সময়তে সহকাৰী সঞ্চালক মহেন্দ্ৰ লোধিয়ে মহেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ গোৱেলক সাক্ষাৎ কৰি মনালিছাৰ মুম্বাইলৈ নিৰাপদ যাত্ৰা নিশ্চিত কৰে। এই সময়ছোৱাত এছ এইচ অ’ গোৱেলে আন আন আৰক্ষী কৰ্মচাৰীৰ সৈতে বলীউডৰ ভৱিষ্যত নায়িকা মনালিছাৰ সৈতে বহু ছবি ক্লিক কৰি উজ্জ্বল ভৱিষ্যত আৰু ছবিৰ সফলতাৰ বাবে অভিনন্দন জনায়। ইয়াৰ পিছতেই ছবিখনৰ শ্বুটিঙৰ বাবে মনেলিছাৰ সৈতে মুম্বাইলৈ ৰাওনা হয় মহেন্দ্ৰ লোধি।