আজিৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমূলক শাখাত মুঠ ৩,০৬,৮৪১ গৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব। তাৰ ভিতৰত ১,৪৪,৪৬৩ জন ছাত্ৰ আৰু ১,৬২,৩৭৮ গৰাকী ছাত্ৰী।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাটোৰ বাবে ইতিমধ্যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হ’ব।
পৰীক্ষা কেন্দ্ৰ সমূহত নিৰাপত্তাৰ লগতে কোনো ধৰণৰ বেমেজালি বা পৰীক্ষা কাকত যাতে ফাদিল নহয় তাৰ বাবে এইবাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
ইফালে পৰীক্ষাত যাতে কোনো ধৰণৰ বিসংগতি নহয় তাৰ বাবে এইবাৰ শিক্ষা পৰিষদে জিলা আৰু আৰক্ষী প্ৰশাসনৰ জৰিয়তে এলানি কঠোৰ সুৰক্ষামূলক ব্যৱস্থা সাজু কৰিছে। পৰীক্ষা প্রক্রিয়া নিৰীক্ষণ কৰাৰ বাবে এখন ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষা নিৰীক্ষণ সমিতি আৰু প্ৰতিখন জিলাত একোখন জিলা পৰ্যায়ৰ পৰীক্ষা নিৰীক্ষণ সমিতি গঠন কৰা হৈছে।
ৰাজ্যিক পৰ্যায়ৰ সমিতিয়ে জিলাসমূহত পৰীক্ষা সম্পর্কীয় সকলো দিশ চোৱা-চিতা কৰিব। বিশেষকৈ প্রশ্নকাকত আৰু অ’এম আৰ শ্বীট প্ৰেৰণ কৰা আৰু থানা বা আৰক্ষী চকীত ৰখাৰ সময়ত কৰিবলগা সুৰক্ষাৰ দিশটোৰ ওপৰত চকু ৰাখিব।