আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল পৰীক্ষা। শিক্ষাৰ্থী জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষায়ে হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।
পিছে হঠাতে এক কেন্দ্ৰত লাগে অঘটন।গোৰেশ্বৰৰ নিকতৱৰ্তি কামৰূপৰ গাছবাৰী পৰীক্ষা কেন্দ্ৰত হয় এই অঘটন।
পৰীক্ষা আৰম্ভৰ সময় পাৰ হৈ যোৱাৰ পিছতো পৰীক্ষাৰ্থীয়ে লাভ নকৰে প্ৰশ্নকাকত।ইয়াকে লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।
প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবেই এনে পৰিস্থিতি হোৱা বুলি অভিযোগ স্থানীয় ৰাইজ তথা অভিভাৱকে । প্ৰায় ৯বাজি ৩০মিনিটলৈ পৰীক্ষাৰ্থীয়ে লাভ নকৰে প্ৰশ্নকাকত।
আধা ঘণ্টা পলমকৈ প্ৰধান শিক্ষকে পৰীক্ষাগৃহলৈ লৈ আনে প্ৰশ্ন কাকত। ইয়াৰ পিছতে অধিক উত্তপ্ত হৈ পৰে বিদ্যালয়খনৰ পৰিস্থিতি। একাংশ উত্তেজিত লোকে আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধান শিক্ষকক।
পৰৱৰ্তি সময়ত পৰীক্ষা অনুষ্ঠিত হয় যদিও অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ সময় বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰে।
উক্ত পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ কমলপুৰ চক্ৰ বিষয়া বিক্ৰম জিৎ বৰাই বিদ্যালয়খনত উপস্থিত হয়।