• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

শ্বেখ হাছিনাৰ পলায়ন, মহম্মদ ইউনুছৰ প্ৰত্যাৱৰ্তন…. বাংলাদেশৰ পৰিস্থিতিক লৈ কিয় চিন্তিত ভাৰত?

Nation NE by Nation NE
August 8, 2024
in BIG BREAKING, Top News, অভিমত, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শ্বেখ হাছিনাৰ পলায়ন, মহম্মদ ইউনুছৰ প্ৰত্যাৱৰ্তন…. বাংলাদেশৰ পৰিস্থিতিক লৈ কিয় চিন্তিত ভাৰত?
Share on FacebookShare on TwitterWhatsApp

একেৰাহে ১৫ বছৰ এখন দেশ শাসন কৰাৰ পিছত এগৰাকী প্ৰধানমন্ত্ৰীয়ে দেশ এৰি পলায়ন কৰিব বুলি হয়তো কোনেও কল্পনা কৰা নাছিল। কিন্তু সোমবাৰে বাংলাদেশৰ বৰ্ষীয়ান ৰাজনৈতিক নেত্ৰী শ্বেখ হাছিনাৰ সৈতে সংঘটিত হ’ল এই অনাকাংক্ষিত ঘটনা।

বিগত কিছু দিনৰ পৰা ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত চাকৰি সংৰক্ষণক লৈ ছাত্ৰ সমাজে গঢ়ি তুলিছিল তীব্ৰ প্ৰতিবাদ। দেশখনৰ লাখ-লাখ শিক্ষাৰ্থী তথা যুৱক-যুৱতীয়ে ৰাজপথত জংগী আন্দোলন গঢ়ি তোলাত প্ৰাণৰ শংকা নামি আহিছিল শ্বেখ হাছিনালৈ।

সোমবাৰে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি নিজ দেশৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়। কোনো প্ৰধানমন্ত্ৰীয়ে ক্ষমতা হেৰুৱাই দেশ এৰিবলগীয়া হোৱা বাংলাদেশৰ ইতিহাসত এইটোৱে প্ৰথম ঘটনা।

উল্লেখ্য যে, চলিত বৰ্ষৰে জানুৱাৰী মাহত অনুষ্ঠিত হোৱা বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত শ্বেখ হাছিনা নেতৃত্বাধীন আৱামী লীগ দলে দুই-তৃতীয়াংশ আসনত জয়ী হৈছিল। ইয়াৰ লগে লগে তেওঁ একেৰাহে চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয়। কিন্তু চৰকাৰ গঠনৰ সাত মাহৰ ভিতৰতে তেওঁ নিজ দেশৰ পৰা পলায়ন কৰিবলগীয়া হয়।

বাংলাদেশত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতেই আজি অন্তৱৰ্তীকালীন চৰকাৰে শপত গ্ৰহণ কৰিব। অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হ’ব মহম্মদ ইউনুছ। আজি তেওঁৰ সৈতে ১৫ গৰাকী সদস্যই শপত ল’ব। কিন্তু কিছু মাহৰ পিছত দেশখনত পুনৰ অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন।

প্ৰাণৰ শংকাত পলায়ন কৰা শ্বেখ হাছিনা বৰ্তমান আশ্ৰয় লৈ আছে ভাৰতত। সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি কিছু দিনৰ পিছতেই হাছিনাই ইউৰোপৰ কোনো এখন দেশত শৰণ ল’ব।

শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰ ক্ষমতাচ্যুত হোৱাটো ভাৰতৰ বাবে এক বৃহৎ অঘটন। ভাৰতৰ সহায়তেই স্বাধীনতা লাভ কৰিছিল বাংলাদেশে আৰু তেতিয়াৰ পৰাই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আছিল যথেষ্ট উন্নত।

যোৱা বছৰ অনুষ্ঠিত জি-২০ সন্মিলনত ভাৰতে বাংলাদেশক বিশেষ অতিথিৰূপে নিমন্ত্ৰণ জনাইছিল। কিন্তু এতিয়া শ্বেখ হাছিনা ক্ষমতাৰ পৰা অপসাৰিত হোৱাত দুয়োখন দেশৰ মাজৰ সম্পৰ্কত ফাঁট মেলাৰ আশংকা প্ৰকাশ কৰা হৈছে।

বৰ্তমান বাংলাদেশৰ ৰাজনীতিত দুখনেই হৈছে ডাঙৰ মুখ। আৱামী লীগৰ শ্বেখ হাছিনা আৰু বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ খালেদা জিয়া। তিনি দশক ধৰি বাংলাদেশৰ ক্ষমতা খালেদা জিয়া আৰু শ্বেখ হাছিনাৰ হাততেই আছে।

কিন্তু ভাৰতৰ দৃষ্টিকোণৰ পৰা শ্বেখ হাছিনা বাংলাদেশত ক্ষমতাত অধিষ্ঠিত হৈ থকাটো অধিক লাভজনক। শ্বেখ হাছিনা ভাৰতৰ অধিক ঘনিষ্ঠ হিচাপে পৰিচিত।

উল্লেখ্য যে, যোৱা মাহত শ্বেখ হাছিনা চীন ভ্ৰমণলৈ গৈছিল যদিও আধাতেই ভ্ৰমণ সামৰি উভতি আহিছিল। ঘূৰি অহাৰ লগে লগে শ্বেখ হাছিনাই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল। ভাৰত আৰু চীন দুয়োখনেই তীস্তা প্ৰকল্পৰ প্ৰতি আগ্ৰহী, কিন্তু ভাৰতে এই প্ৰকল্প সম্পূৰ্ণ কৰাটো বিচাৰে বুলি কৈছিল হাছিনাই।

আনহাতে খালেদা জিয়াৰ বিএনপিক ইছলামিক মৌলবাদৰ প্ৰতি অধিক প্ৰৱল বুলি গণ্য কৰা হয়। ভাৰততকৈ বিএনপি পাকিস্তান প্ৰিয়। আৰু ইয়াৰ পৰা চীন লাভৱান হ’ব কিয়নো পাকিস্তান ভাল বন্ধু।

শ্বেখ হাছিনাৰ চৰকাৰৰ দিনত বাংলাদেশত কেৱল ভাৰত বিৰোধী সন্ত্ৰাসবাদী সংগঠন নিৰ্মূল হোৱাই নহয়, এই সময়ছোৱাত অৰ্থনৈতিক সম্পৰ্কৰো উন্নতি ঘটিছিল।

ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্যিক সম্পৰ্ক যথেষ্ট উন্নত। লক্ষ্যণীয় কথাটো হ’ল ভাৰতে লাভৱান হোৱা দেশবোৰৰ ভিতৰত বাংলাদেশো আছে৷ কাৰণ ভাৰতে বাংলাদেশৰ পৰা কমকৈ সামগ্ৰী ক্ৰয় কৰে আৰু অধিক সামগ্ৰী বিক্ৰী কৰিছিল।

ভাৰত সন্দৰ্ভত মহম্মদ ইউনুছ

শ্বেখ হাছিনাই পদত্যাগ কৰি দেশৰ পৰা পলায়ন কৰাৰ পিছতেই দেশখনৰ সেনাই অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে বাচনি কৰিছিল মহম্মদ ইউনুছৰ নাম। ইয়াৰ পিছতে ন’বেল বঁটা জয়ী তথা এগৰাকী সমাজকৰ্মী হিচাপে পৰিচিত মহম্মদ ইউনুছে আজি অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত ল’ব।

ইতিমধ্যেই পেৰিছৰ পৰা পোনে পোনে আহি ঢাকাত উপস্থিত হৈছে মহম্মদ ইউনুছ। অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত ল’বলগীয়া ইউনুছক ঢাকা বিমানবন্দৰত সেনা প্ৰধানৰ মুৰব্বীৰ লগতে ছাত্ৰ আন্দোলনৰ গুৰি ধৰোতা কেইগৰাকীমান শীৰ্ষ নেতাই উষ্ম আদৰণি জনায়।

অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত ল’বলগীয়া মহম্মদ ইউনুছক লৈ দৃষ্টি নিৱদ্ধ আছে ভাৰতৰ। কিয়নো ভাৰত সন্দৰ্ভত শ্বেখ হাছিনাৰ স্থিতি আৰু মহম্মদ ইউনুছৰ স্থিতিত যে আকাশ পাতাল পাৰ্থক্য আছে সেয়া সৰ্বজনবিদিত।

বহু পূৰ্বে ভাৰত সন্দৰ্ভত মহম্মদ ইউনুছে এটা সাক্ষাৎকাৰত কৈছিল যে মই সদায় কৈ আহিছো যে ভাৰত বাংলাদেশৰ শ্ৰেষ্ঠ বন্ধু হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। তৎস্বত্তেও ভাৰতে বাংলাদেশৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে মাত্ৰ এজন ব্যক্তিৰ ওপৰতহে গুৰুত্ব দিছে। ভাৰতৰ সম্পৰ্ক মাত্ৰ এজন ব্যক্তিৰ সৈতে আৰু সেয়া হ’ল শ্বেখ হাছিনা। ইয়াৰ বাবেই বাংলাদেশৰ জনসাধাৰণ ভাৰতৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে কাৰণ ভাৰতে বাংলাদেশ ধ্বংস কৰা এজন ব্যক্তিক সমৰ্থন কৰিছে।

এতিয়া শ্বেখ হাছিনাৰ চৰকাৰ ক্ষমতাচ্যুত হোৱাৰ পিছত অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হ’বলগীয়া মহম্মদ ইউনুছে ভাৰত সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰে বা দীৰ্ঘদিনৰ পৰা চলি অহা সুদৃঢ় সম্পৰ্ক কিদৰে বজাই ৰাখে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

উদ্দিপ্ত কুমাৰ গোস্বামী

Tags: BangladeshIndiaMuhammad YunusNation NeSheikh Hasina

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025