চলিত টি-২০ বিশ্বকাপৰ গ্রুপ পৰ্যায়ৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হ’ল ক্ৰিকেট বিশ্বৰ অন্যতম শক্তিধৰ দল পাকিস্তান। প্ৰথমে আমেৰিকাৰ সৈতে আৰু পাছত ভাৰতৰ সৈতে পৰাজয় বৰণ কৰি একপ্ৰকাৰে ৯ জুনতে বিশ্বকাপ জয়ৰ সপোন ভাগিছিল পাকিস্তানৰ।
যদিও পিছৰ পৰ্য্যায়ত ভাৰতৰ হাতত আমেৰিকা দলটো পৰাস্ত হোৱাৰ লগে লগে সেই সপোন কিছু পৰিমানে পুনৰ প্ৰাণ পাই উঠিছিল। কিন্তু ১৪ জুনত আমেৰিকাৰ সৈতে আয়াৰলেণ্ডৰ হ’বলগীয়া নিৰ্ণায়ক খেলখনত বতৰৰ বিধি পথালিৰ বাবে খেলখন বাতিল কৰিবলগীয়া হোৱাত আমেৰিকাই ১ পইণ্ট আৰু আয়াৰলেণ্ডে ১ পইণ্ট লাভ কৰে।
ইয়াৰ লগে লগে বাবৰ বাহিনীৰ টি-২০ বিশ্বকাপৰ যাত্ৰা সমাপ্ত হয়। বিশ্বকাপ ইতিহাসত দলটোৱে প্ৰথমবাৰৰ বাবে গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় ল’বলগীয়া হোৱাত বাবৰ নেতৃত্বাধীন দলটোৱে ক্ৰিকেট অনুৰাগীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।
উল্লেখ্য যে গ্রুপ পৰ্যায়ৰ ৪খন খেলৰ ভিতৰত আৰু এখন খেল খেলিবলৈ নোপোৱাৰ আগতে চুপাৰ ৮ ৰ পৰা বাহিৰ হ’ল পাকিস্তান। পাকিস্তানে মুঠ ৩ খন খেলত অৱতীৰ্ণ হৈ মাত্ৰ ২ পইণ্ট সংগ্ৰহ কৰিছিল।
ইয়াৰ পৰিৱৰ্তে ভাৰতে ৬ পইণ্ট আৰু আমেৰিকাই ৫ পইণ্টৰে ছুপাৰ-৮ ৰ বাবে যোগ্যতা অর্জন কৰি ইতিহাস ৰচিবলৈ সক্ষম হ’ল।