• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হিংসাৰে আৰম্ভ হৈ হিংসাতেই সমাপ্ত নেকি শ্বেখ হাছিনাৰ ৰাজনৈতিক কাহিনী?

Nation NE by Nation NE
August 6, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
হিংসাৰে আৰম্ভ হৈ হিংসাতেই সমাপ্ত নেকি শ্বেখ হাছিনাৰ ৰাজনৈতিক কাহিনী?
Share on FacebookShare on TwitterWhatsApp

১৯৭৫ চনৰ আগষ্ট মাহ। ইফালে ভাৰতে স্বাধীনতা উদযাপন কৰি আছিল, আনফালে আকৌ বাংলাদেশত যি ঘটি আছিল সেয়া ইতিহাসত এক অন্ধকাৰ অধ্যায় হৈ পৰিছিল।

১৯৭৫ চনৰ ১৫ আগষ্টত ঢাকাৰ ধনমোডী অঞ্চলত ৰাষ্ট্ৰপতিৰ বাসগৃহত এটাৰ পিছত এটা কৈ গুলীচালনা হৈছিল। যেতিয়া গুলীবৰ্ষণ বন্ধ হৈছিল, তেতিয়া কোঠাৰ পৰা এজন লোক ওলাই আহিছিল। এই লোকজন আছিল ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমান, শ্বেখ হাছিনাৰ পিতৃ। যেতিয়া তেওঁ কোঠাৰ পৰা ওলাই আহিছিল, হিংসাত্মক জনতাৰ সৈতে জড়িত যুৱকসকলে তেওঁৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰিছিল। তেওঁক প্ৰায় ১৮ বাৰ গুলীওৱা হৈছিল। তেওঁৰ লগতে তেওঁৰ সমগ্ৰ পৰিয়ালটোও নিশ্চিহ্ন হৈ গৈছিল।

হিংসাত্মক ঘটনাৰ সৈতে জড়িতসকলে নিশ্চিত হৈছিল যে, তেওঁলোকে মুজিবুৰ ৰহমানৰ গোটেই পৰিয়ালটোকেই আঁতৰাই পেলাইছে, কিন্তু এনে হোৱা নাছিল। এই আক্ৰমণত পৰিয়ালটোৰ দুজন সদস্য সুৰক্ষিত আছিল। তেওঁলোকৰ এগৰাকী আছিল শ্বেখ হাছিনা আৰু আনগৰাকী আছিল তেওঁৰ ভগ্নী শ্বেখ ৰেহানা।

কেনেদৰে আৰম্ভ হৈছিল শ্বেখ হাছিনাৰ ৰাজনৈতিক কেৰিয়াৰ

শ্বেখ হাছিনাৰ জন্ম হৈছিল ১৯৪৭ চনত। তেওঁ মুজিবুৰ ৰহমানৰ জ্যেষ্ঠ কন্যা আছিল। তেওঁ সৰুৰে পৰাই নিজৰ পিতৃৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এইয়া তেওঁৰ ছাত্ৰ কালতেই প্ৰতিফলিত হৈছিল। মহাবিদ্যালয়ৰ দিনবোৰত, তেওঁ ছাত্ৰ ৰাজনীতিত যথেষ্ট সক্ৰিয় আছিল।

ঢাকা বিশ্ববিদ্যালয়ত, তেওঁ ষ্টুডেণ্ট লীগৰ মহিলা শাখাৰ সাধাৰণ সম্পাদক হৈছিল। ১৯৬৭ চনত তেওঁ বিজ্ঞানী ৱাজিদ মিয়ানৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৯৭১ চনত বাংলাদেশ গঠন কৰা হৈছিল। শ্বেখ হাছিনাৰ পিতৃ মুজিবুৰ ৰহমানৰ নেতৃত্বত এখন নতুন চৰকাৰ গঠন কৰা হৈছিল। সকলো ঠিকেই চলি আছিল। ইফালে, শ্বেখ হাছিনাই তেওঁৰ স্বামীৰ সৈতে জাৰ্মানীলৈ গৈছিল। তেতিয়ালৈকে, শ্বেখ হাছিনাৰ কোনো ধাৰণাই নাছিল যে, তেওঁৰ ভাগ্যই তেওঁক বাংলাদেশলৈ ওভতাই আনিব।

৪৯ বছৰ আগৰ সেই দিনটো

এতিয়া হিংসাৰ দিনবোৰলৈ উভতি যাওঁ আহক অৰ্থাৎ ১৯৭৫ চন। হিংসাৰ বলি হৈ মুজিবুৰ ৰহমান নিহত হৈছিল। বাংলাদেশৰ পৰা কেইবা হাজাৰ কিলোমিটাৰ দূৰত জাৰ্মানীত শ্বেখ হাছিনাক এই বিষয়ে জনোৱাৰ পাছত তেওঁ ভাগি পৰিছিল। কেৱল পিতৃয়েই নহয়, তেওঁৰ সমগ্ৰ পৰিয়ালটোৱেই শেষ হৈ গৈছিল। আটাইতকৈ দুৰ্ভাগ্যৰ কথা এইটোৱেই যে, তেওঁ শেষবাৰৰ বাবেও ৱালিদক চাবলৈ নিজৰ দেশলৈ আহিব নোৱাৰিলে। সকলো শেষ হয়, তাৰ পাছতেই ভাৰতে সহায়ৰ হাত আগবঢ়ায়। শ্বেখ হাছিনাই ইয়াক গ্ৰহণ কৰে আৰু নিজৰ দুই সন্তানৰ সৈতে তেওঁ দিল্লীলৈ আহে। এই সহায় সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নিজেই আগবঢ়াইছিল। শ্বেখ হাছিনাই নিজৰ নাম আৰু পৰিচয় সলনি কৰি প্ৰায় ছয় বছৰ দিল্লীত বাস কৰিছিল। কেৱল শ্বেখ হাছিনাৰ বিশ্বাসী মানুহেহে এইটো জানিছিল।

শ্বেখ হাছিনা যেতিয়া নেতা হয়

বাংলাদেশ সলনি হৈছিল। জিয়াউৰ ৰহমানে এটা সামৰিক শাসন চলাই আছিল। শ্বেখ হাছিনাক বাংলাদেশত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। ১৯৮১ চনত, শ্বেখ হাছিনাই নিজৰ দেশৰ বাবে মাত মাতিছিল। তেওঁ নিজৰ পিতৃৰ দল আৱামী লীগৰ সভাপতি হৈছিল আৰু নিজৰ দেশলৈ উভতি যোৱাৰ প্ৰতিশ্ৰুতি দিছিল। যেতিয়া তেওঁ উভতি আহিছিল, বাংলাদেশৰ জনতাই তেওঁক আদৰণি জনাইছিল। তেতিয়াৰ চৰকাৰে এইটো হজম কৰিব নোৱাৰিলে আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। দুৰ্নীতিৰ অভিযোগ আছিল।

শ্বেখ হাছিনাৰ যাত্ৰা সহজ নাছিল। ১৯৮৬ চনত, সিদ্ধান্ত লোৱা হৈছিল যে, বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব। শ্বেখ হাছিনাক মুক্তি দিয়া হৈছিল, তেওঁ সম্পূৰ্ণ শক্তিৰে প্ৰতিদ্বন্দিতা আগবঢ়াছিল আৰু ১00 খন আসন লাভ কৰি বিপক্ষত বহিছিল। যেতিয়া ১৯৯৬ চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল, শ্বেখ হাছিনা প্ৰথমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈছিল, কিন্তু ২০০১ চনত তেওঁ পুনৰ বিৰোধী দলত বহিব লগা হৈছিল আৰু বাংলাদেশ চৰকাৰক বি এন পি অৰ্থাৎ বাংলাদেশ নেচনেলিষ্ট পাৰ্টিয়ে দখল কৰিছিল।

দেশ প্ৰৱেশৰ নিষেধাজ্ঞাই সৃষ্টি কৰিছিল ইতিহাসৰ

২০০৭ চনত শ্বেখ হাছিনা আমেৰিকালৈ গৈছিল, তেওঁ উভতি অহাৰ আগতে, শাসনাধিষ্ঠিত বি এন পিয়ে তেওঁক বাংলাদেশত প্ৰৱেশ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। ১৫ দিনৰ নাটকীয় বিকাশৰ পাছত নিষেধাজ্ঞা উঠাই লোৱা হৈছিল। তেওঁ উভতি আহিছিল আৰু এক বৃহৎ জনসমৰ্থন লাভ কৰিছিল। ২০০৯ চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু শ্বেখ হাছিনা পুনৰ ক্ষমতালৈ ঘূৰি আহিছিল, তেতিয়াৰ পৰা তেওঁ নিৰন্তৰভাৱে বাংলাদেশৰ ক্ষমতাশাসন কৰি আছিল।

শ্বেখ হাছিনাৰ ৰাজনৈতিক কাৰ্যকাল-

বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম কাৰ্যকাল(১৯৯৬-২০০১)

১৯৯৬ চনৰ পৰা ২০০১ চনলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকাল আৰম্ভ কৰিছিল শ্বেখ হাছিনাই। এই কাৰ্যকালত তেওঁ গংগা নদী পৰিচালনা কৰা ভাৰত চৰকাৰৰ সৈতে ৩০ বছৰীয়া জল ভাগ-বতৰা চুক্তিত স্বাক্ষৰ কৰে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয় কাৰ্যকাল(২০০৯-২০১৪)

২০০৮ চনৰ ৬ নৱেম্বৰত বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ শ্বেখ হাছিনাই নিজ দেশলৈ উভতি আহে। জাতীয় জনতা পাৰ্টীৰ সৈতে গ্ৰেণ্ড এলায়েঞ্চৰ বেনাৰত সংসদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিজ কাৰ্যকালত শ্বেখ হাছিনাই আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণ গঠন কৰাত সফল হৈছিল।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয় কাৰ্যকাল(২০১৪-২০১৯)

বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজয়ী হৈ শ্বেখ হাছিনাই তৃতীয়বাৰৰ বাবে নিজৰ কাৰ্যভাৰ আৰম্ভ কৰে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে চতুৰ্থ কাৰ্যকাল(২০১৯-২০২৪)

২০১৯ চনত শ্বেখ হাছিনাই চতুৰ্থবাৰৰ বাবে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁৰ নেতৃত্বাধীন দল আৱামী লীগে ৩০০ খন সংসদীয় আসনৰ ভিতৰত ২৮৮ খন আসন লাভ কৰে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰূপে পঞ্চমটো কাৰ্যকাল

বিৰোধীয়ে বৰ্জন কৰা ২০২৪ চনৰ ৭ জানুৱাৰীত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত শ্বেখ হাছিনাই একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত জয়লাভ কৰে। কিন্তু দেশৰ ৰাজনৈতিক উত্তেজনাৰ মাজত ২০২৪ চনৰ ৫ আগষ্টত তেওঁ পদত্যাগ কৰি দেশ এৰিবলৈ বাধ্য হয়।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে পাঁচবাৰ শাসনত থকা শ্বেখ হাছিনাই বৰ্তমান ঢাকা ত্যাগ কৰিছে। পুত্ৰ সজিব ৱাজেদ জয়ে দাবী কৰিছে যে, তেওঁ হয়তো আৰু কেতিয়াও ৰাজনীতিলৈ উভতি নাহিব। যদি এনে হয়, হিংসাৰ পিছত আৰম্ভ হোৱা শ্বেখ হাছিনাৰ ৰাজনৈতিক কেৰিয়াৰৰ এইয়া এক দুখজনক সমাপ্তি হ’ব।

Tags: BangladeshPrime MinisterSheikh Hasina

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025