এটা অনন্য ‘ৰাজনৈতিক দল’ৰ বিষয়ে বৰ্তমান ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলি আছে। ইয়াৰ নাম ককৰোচ জনতা পাৰ্টি। বৰ্তমান ককৰোচ জনতা পাৰ্টি (চিজেপি)ৰ দলৰ বিষয়টো অধিক চৰ্চিত হৈ আছে। মাত্ৰ ৪ দিনতে দলটোৱে ১০ মিলিয়নৰো অধিক সদস্য সংযোজন কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মিত্ৰ আৰু কীৰ্তি আজাদকো এই দলত অন্তৰ্ভূক্ত হৈছে।
কৌতুক আৰু ব্যংগ হিচাপে আৰম্ভ হৈছিল যদিও এতিয়া ইণ্টাৰনেটত CJP এক ডাঙৰ ধাৰালৈ পৰিণত হৈছে। দাবী কৰা হৈছে যে গঠনৰ কেইদিনমানৰ ভিতৰতে হাজাৰ হাজাৰ লোকে এই লগত যোগদান কৰিছে। নতুন দল গঠন ভাৰতীয় ৰাজনীতিত নতুন কথা নহয় যদিও এইবাৰ কাহিনী অলপ পৃথক। এই দল গঠনত কোনো বৃহৎ ৰেলী নাছিল, মঞ্চ স্থাপন কৰা নাছিল, পতাকাৰ ভিৰও নাছিল। এই সমগ্ৰ কাহিনীটো ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ হৈছিল আৰু বৰ্তমান ইণ্টাৰনেটত দ্ৰুতগতিত বিয়পি পৰিছে।

ককৰোচ জনতা পাৰ্টি নামটো শুনি মানুহে প্ৰথমে ধেমালি বুলি ভাবিছিল। কিন্তু যেতিয়া তেওঁলোকে ইয়াৰ পোষ্ট, ইস্তাহাৰ, সদস্যপদৰ ড্ৰাইভ দেখিলে, তেতিয়া বিষয়টো আলোচনাৰ বিষয় হৈ পৰিল। ছ’চিয়েল মিডিয়াত মানুহে ইয়াক কৌতুকতকৈ প্ৰতীক হিচাপেহে বেছিকৈ চাবলৈ ধৰিলে। বৰ্তমান ইণ্টাৰনেটত চৰ্চিত হৈ পৰিছে CJP ৰ নাম।
খবৰ অনুসৰি এই সমগ্ৰ বিতৰ্কৰ আৰম্ভণি হৈছিল নিবনুৱা যুৱক-যুৱতীক লৈ কৰা এটা মন্তব্যৰ পৰা। কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে নিবনুৱাসকলক Cockroach (পঁইটাচোৰা) বুলি উল্লেখ কৰিছিল। তেওঁৰ মতে এনে যুৱক-যুৱতীসকলে চাকৰিৰ ক্ষেত্ৰত বিশেষ একো লাভ কৰিবলৈ সক্ষম নহয়। পিছত তেওঁ নিজৰ বক্তব্য স্পষ্ট কৰি কয় যে তেওঁ ভুৱা ডিগ্ৰীধাৰীসকলৰ কথা কৈছে। এতিয়া তেওঁৰ ব্যক্তব্যক লৈ বহুত মিম বনোৱা হৈছে।

এই বিবৃতিৰ পিছতে ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। বহুতে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে আন কিছুমানে নিজৰ ধৰণেৰে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলে। ইফালে আম আদমী পাৰ্টিৰ প্ৰাক্তন ছ’চিয়েল মিডিয়া কৰ্মী অভিজিত দীপকে এটা নতুন ধাৰণা লৈ আহিছিল। এই বিষয়টোক ব্যংগ হিচাপে লৈ তেওঁ ককৰোচ জনতা পাৰ্টি নামটো ৰাখে। প্ৰথম অৱস্থাত মানুহে ইয়াক কৌতুক বুলি গণ্য কৰিছিল যদিও লাহে লাহে অনলাইনত ট্ৰেণ্ডিং হ’বলৈ ধৰিলে। কম সময়ৰ ভিতৰতে হাজাৰ হাজাৰ লোকে গ্ৰুপটোত যোগদান কৰে আৰু ছ’চিয়েল মিডিয়াত পোষ্টবোৰ দ্ৰুতগতিত ভাইৰেল হৈ পৰে। খবৰ অনুসৰি এই “পাৰ্টি”টো মুকলি কৰাৰ মাত্ৰ তিনিদিনতে ৭০ হাজাৰৰো অধিক সদস্য সংযোজন কৰিছে।
এই দলৰ প্ৰতিষ্ঠাপক আমেৰিকাৰ বষ্টন বিশ্ববিদ্যালয়ৰ ছাত্ৰ অভিজিৎ ডিপকে। এই দলত যোগদানৰ বাবে যোগ্যতাৰ মাপকাঠীও নিৰ্দিষ্ট। আপুনি নিশ্চয় নিবনুৱা আৰু এলেহুৱা। যদি আপুনি কমেও ১১ ঘণ্টা অনলাইনত কটায় তেন্তে দলে আপোনাক সদস্য হিচাপে গ্ৰহণ কৰিব। অৱশ্যে এতিয়া টিএমচিৰ সাংসদ মহুনা মিত্ৰ, কীৰ্তি আজাদৰ দৰে বিশিষ্ট ৰাজনীতিবিদৰ সমৰ্থন লাভ কৰিছে। তেওঁলোকে তাক অনুসৰণ কৰিছে। দলৰ ৱেবছাইটতো ইয়াক নিবনুৱা আৰু অৱহেলিত-বঞ্চিত লোকৰ হৈ কথা কোৱা মঞ্চ হিচাপে উপস্থাপন কৰা হৈছে। দলটোৰ টেগলাইনেও দৃষ্টি আকৰ্ষণ কৰিছে, য’ত কোৱা হৈছে যে, “Voice of the Lazy & Unemployed” (বহুদিনৰ পৰা বঞ্চিত অনুভৱ কৰাসকলৰ কণ্ঠস্বৰ)। যদিও প্ৰথমে ইয়াক ব্যংগমূলক পদক্ষেপ বুলি গণ্য কৰা হৈছিল, তথাপিও ছ’চিয়েল মিডিয়াত ইয়াৰ সঁহাৰিয়ে সকলোকে আচৰিত কৰি তুলিছে।
এই বিষয়টোৱে ৰাজনৈতিক টুইষ্ট লাভ কৰিলে যেতিয়া ইয়াৰ সৈতে একাংশ ৰাজনীতিবিদৰ নাম জড়িত হৈ পৰিছে। ছ’চিয়েল মিডিয়াত একাংশ ৰাজনীতিবিদে ধেমালিতে দলটোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাৰ আলোচনাৰ সৃষ্টি হয়। তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মিত্ৰ আৰু কীৰ্তি আজাদে এই অনুষ্ঠানক লৈ কেৱল প্ৰতিক্ৰিয়া প্ৰকাশ কৰাই নহয়, ইয়াত যোগদানৰ বাবেও আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ পিছত মানুহে মিম তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিলে।









