সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
২১ মে’ৰ পৰা আৰম্ভ হ’ব ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশন। ৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অধিৱেশন।বিধানসভাৰ প্ৰথম দিনটোত শপত ল’ব নৱনিৰ্বাচিত ১২৫ গৰাকী বিধায়কে।৪দিনীয়া অধিৱেশনত উত্থাপন হ’ব কেইবাখনো বিধেয়ক। অধিৱেশনত উত্থাপন হ’ব উমৈহতীয়া দেৱানী বিধি বিধেয়কো।
৫ দেশীয় ভ্ৰমণ সামৰি দেশলৈ উভতিল প্ৰধানমন্ত্ৰী। ইটালীৰ পৰা ভাৰতলৈ ৰাওনা হ’ল প্ৰধানমন্ত্ৰী মোদী। আজি কেবিনেট বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক।
পশ্চিম বংগৰ কলকাতাত অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ পশ্চিমবংগ চৰকাৰৰ। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ভাৰত-বাংলাদেশ সীমান্তত বেৰ দিয়াৰ বাবে ৪৩ একৰ মাটি বিএছএফক গতাই দিয়াৰ কথা ঘোষণা কৰে। এই অঞ্চলটো প্ৰায় ২৭ কিলোমিটাৰ বিস্তৃত। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ২২০০ কিলোমিটাৰ সীমান্তৰ ১৬০০ কিলোমিটাৰ ইতিমধ্যে বেৰ দিয়া হৈছে ৷
চলিত সপ্তাহত চীনৰ কিছু অংশত প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ ফলত কমেও ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিবলগীয়া হৈছে। মধ্য চীনৰ হুনান প্ৰদেশৰ শ্বিমেন কাউন্টিত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১১ জন নিৰুদ্দেশ হৈছে। উদ্ধাৰ অভিযান অব্যাহত আছে। চীনৰ চৰকাৰী সংবাদৰ তথ্য অনুসৰি ১৯ মে’লৈ সন্ধিয়ালৈকে ১৯ হাজাৰৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে।









