উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত হনুমান মন্দিৰত তিনিজন লোকে নামাজ আগবঢ়োৱা দেখা গৈছে। বুলন্দশ্বহৰৰ ঔৰংগাবাদ থানা এলেকাৰ অন্তৰ্গত অলিনা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে তিনিওজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ মতে, অভিযুক্ত কেইজন ৰাজমিস্ত্ৰী যিসকলে মন্দিৰৰ সমীপত এটা ঘৰ নিৰ্মাণ কৰি আছিল।
আৰক্ষীয়ে জনোৱা মতে, অলিনা গাঁৱৰ নিবাসী ৰাজকুমাৰৰ গৃহ নিৰ্মাণৰ কাম চলি আছিল। এই কামৰ বাবে তেওঁ চুবুৰীয়া জাহৰা গাঁৱৰ ৰাজমিস্ত্ৰীক মাতি আনিছিল। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত কিছু শ্ৰমিকে খাবলৈ গুচি যায়। ইয়াৰ বিপৰীতে ৰাজমিস্ত্ৰী আছাৰ মহম্মদে নিৰ্মাণৰত ঘৰটোৰ সন্মুখত থকা হনুমান মন্দিৰ কমপ্লেক্সলৈ যায়। জানিব পৰামতে, সেইসময়ত পাতলীয়া বৰষুণ হৈ থকাৰ বাবে ৰাজকুমাৰৰ অনুৰোধত হনুমান মন্দিৰ কমপ্লেক্সৰ ভিতৰলৈ গৈ তাতে বহি নমাজ আগবঢ়ায়। তেওঁৰ সংগী নাজাৰ মহম্মদও থিয় হৈ থাকে।
হনুমান মন্দিৰ কমপ্লেক্সত আছাৰ মহম্মদে নামাজ পঢ়ি থকা অৱস্থাত এজন গাঁৱৰ মানুহে তেওঁক লক্ষ্য কৰি মোবাইল ফোনত ভিডিঅ’ কৰে। কিছু সময়ৰ পিছতে তেওঁ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। এই ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ গাঁৱৰ ৰাইজক ক্ষুব্ধ কৰি তোলে। এই তথ্য লাভ কৰাৰ লগে লগে ঔৰংগাবাদ থানাৰ বিষয়া আছলমে বৃহৎ আৰক্ষী বাহিনী লৈ ঘটনাস্থলীত উপস্থিত হয়। তদন্তৰ অন্তত আছাৰ মহম্মদক আটক কৰি থানালৈ লৈ আহে।
তদন্তকাৰী বিষয়া অভিষেক তেৱতিয়াৰ মতে, আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে এটা বিশেষ সম্প্ৰদায়ৰ ধৰ্মক অপমান কৰাৰ উদ্দেশ্যেৰে পূজাস্থলী অপবিত্ৰ কৰা হৈছে। অভিযুক্তৰ এই কাৰ্যই হিন্দু ধৰ্মক অপমান কৰাই নহয় তেওঁলোকৰ আৱেগক আঘাত হানিছিল। আৰক্ষীয়ে অভিযুক্ত আছাৰ মহম্মদ, নাজাৰ মহম্মদ, ৰাজকুমাৰৰ বিৰুদ্ধেও গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰিছে। আছাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁক জে’ললৈ প্ৰেৰণ কৰা হৈছে।








