চীনৰ বিজ্ঞানীসকলে নতুনকৈ HKU-5 CoV-2 ভাইৰাছৰ আৱিষ্কাৰ কৰিছে। এই ভাইৰাছ বাদুলিত পোৱা যায় আৰু ইয়াৰ পৰা মানুহৰ দেহলৈও বিয়পিব পাৰে। চীনত ক’ৰোনা ভাইৰাছ আহি পোৱাৰ পিছৰে পৰা বিপদৰ সৃষ্টি হৈছে।
এই ভাইৰাছটোও Covid ৰ দৰে বিয়পিব পাৰে বুলি আশংকা কৰা হৈছে, কিন্তু HKU-5-CoV-2 নতুন ভাইৰাছ নেকি আৰু ই ক’ৰোনাৰ দৰে ভাবুকিৰ সৃষ্টি কৰিবনে এই বিষয়ে আমি বিশেষজ্ঞসকলৰ পৰা জানো আহক-
HKU-5-CoV-2 এবিধ কৰ’না ভাইৰাছ, যি SARS-CoV-2 ৰ পৰা সামান্য পৃথক। HKU-5-CoV-2 ৰ জিন SARS-CoV-2তকৈ কিছু বেলেগ, কিন্তু ই এক প্ৰকাৰে কৰ’না ভাইৰাছৰেই প্ৰজাতি। এইটো কোনো নতুন ভাইৰাছ নহয়। ইয়াৰ লক্ষণসমূহ ক’ৰ’নাতকৈ কম গুৰুতৰ।
HKU-5-CoV-2 ৰ প্ৰতিৰোধ ক্ষমতা Covid তকৈ বেলেগ হব পাৰে, যিহেতু ই Covid ৰ এটা প্ৰজাতি, ইয়াৰ লক্ষণ Covid ৰ লগত কিছু মিল থকাৰ সম্ভাৱনা আছে। Covid ৰ দৰে এই ভাইৰাছটোও মানুহৰ কোষত প্ৰৱেশ কৰে।
বিজ্ঞানী ডাঃ যুগল কিশোৰে কয় যে, HKU-5-CoV-2 ৰ মানুহৰ সংক্ৰমণৰ কোনো ঘটনা এতিয়ালৈকে হোৱা নাই। এই ভাইৰাছক চিনাক্ত কৰা হৈছেহে মাথো। সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে ভাইৰাছৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে। লগতে তেওঁ কয় যে, যিহেতু এইটো Covid ৰ এটা ষ্ট্ৰেইন, গতিকে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু তথাপিও ভাইৰাছটোক নিৰীক্ষণ কৰিব লাগিব আৰু যদি কোনো অঞ্চলত ফ্লুৰ লক্ষণ থকা ৰোগীৰ সংখ্যা বাঢ়ে, তেন্তে তাতেই এই ভাইৰাছৰ পৰীক্ষা কৰিব লাগিব৷
ডাঃ কিশোৰে কয় যে, যদি ই Covid ৰ নতুন ষ্ট্ৰেইন হয়, তেন্তে ইয়াৰ বিয়পি পৰাৰ ধৰণো একেধৰণৰ হ’ব পাৰে। ই সংক্ৰমিত প্ৰাণী যেনে- বাদুলিৰ যোগেদি আৰু আক্ৰান্ত মানুহৰ কাহ বা হাঁচিৰ যোগেদি বিয়পিব পাৰে।
HKU-5-CoV-2 ৰ লক্ষণসমূহ-
- কাহ আৰু চৰ্দি
- শ্বাস-প্ৰশ্বাসজনিত অসুবিধা
- শৰীৰৰ তীব্ৰ বিষ
- তীব্ৰ মূৰৰ বিষ
কিদৰে নিজকে কেনেকৈ ৰক্ষা কৰিব-
- পৰিষ্কাৰ- পৰিচ্ছন্নতা
- যি অঞ্চলত ভাইৰাছ সংক্ৰমণৰ আশংকা থাকে, সেই অঞ্চললৈ যাব নালাগে
- জীৱ-জন্তুৰ (বাদুলিৰ) সংস্পৰ্শ এৰিব লাগে
- খাদ্যৰ যত্ন লোৱা উচিত