• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

আজি বিশ্ব কঁঠাল দিৱস : জানক কঁঠালৰ ১২টা বিশেষ ঔষধী গুণ

Nation NE by Nation NE
July 4, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
আজি বিশ্ব কঁঠাল দিৱস : জানক কঁঠালৰ ১২টা বিশেষ ঔষধী গুণ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আজি বিশ্ব কঁঠাল দিৱস। প্ৰতি বছৰে ৪ জুলাইত এই দিৱস পাল কৰি অহা হৈছে। কঁঠালৰ বৈজ্ঞানিক নাম হৈছে হেটাৰোফাইলাচ আৰু ই মোৰেচি গোত্ৰৰ অন্তৰ্গত। কঁঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল হোৱাৰ লগতে আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰেলা আৰু তামিলনাডু ৰাজ্যৰ ই ৰাজ্যিক ফল।

ভাৰতবৰ্ষৰ কেৰেলাত সৰ্বাধিক কঠাল উৎপন্ন হয়। আমাৰ অসমতো কঁঠালৰ যথেষ্ট আদৰ আছে।

সাধাৰণতে অসমত ব’হাগ মাহত পূৰঠ হৈ পকাৰ উপক্ৰম হয়। কঁঠাল এনে এবিধ ফল য’ত একেলগে দেহৰ বাবে লাগতিয়াল বিভিন্ন খাদ্যপ্ৰাণ, খনিজ লৱণ, এন্টি অক্সিডেন্ট(জাৰণ প্ৰতিৰোধী) আৰু আঁহ আদি নানা ধৰণৰ অত্যাৱশ্যকীয় ৰাসায়নিক পদাৰ্থ তথা বিভিন্ন সূক্ষ্ম পোষক তত্ত্ব সমূহ পোৱা যায়।

কঁঠালৰ উপকাৰিতা তথা ঔষধি গুণসমূহ –

১) ৰোগ প্ৰতিৰোধী গুণ : কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-চি তথা এন্টি অক্সিডেন্ট পোৱা যায় আৰু এইবিলাক উপাদানে দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা সৱল ৰাখে।

২) প্ৰ’টিনৰ ভঁৰাল : কঁঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰ’টিন পোৱা যায়।

৩) শক্তিৰ ভঁৰাল : কঁঠালত যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট আৰু কেলৰি থাকে। ই ফ্ৰুকটজ আৰু চুক্ৰ’জতো চহকী বাবে খোৱাৰ লগে লগে দেহে তাৎক্ষণিক ভাৱে শক্তি লাভ কৰে।

৪) কৰ্কট প্ৰতিৰোধী গুণ : কঁঠালত এন্টি অক্সিডেন্ট, ফাইটোনিউট্ৰিয়েন্টচ আৰু ফ্লেভ’নয়ড থাকে, যিবোৰে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেল বোৰ নিষ্ক্ৰীয় কৰি শৰীৰক ক’লন কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ,
মুখ গহ্বৰৰ কেন্সাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে।

৫) ৰক্তচাপ নিয়ন্ত্ৰণ : কঁঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে।

৬) হজম শক্তিৰ উন্নতি : পকা কঁঠালত থকা আঁহ(ফাইবাৰ)ৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তিৰ উন্নতি সাধন কৰে।

৭) থাইৰয়ডৰ সমস্যা দূৰ কৰে : কঁঠালত যথেষ্ট পৰিমাণে কপাৰ থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিক কৰ্মক্ষম কৰি তোলে আৰু থাইৰয়ড হৰমনৰ শোষণ আৰু সংশ্লেষণত সহায় কৰে।

৮) দৃষ্টি শক্তি বৃদ্ধি : কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তি বৃদ্ধি কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে।

৯) ৰক্তাল্পতা(এনিমিয়া) প্ৰতিৰোধ কৰে: কঁঠালত পৰ্যাপ্ত পৰিমাণে ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-কে, ভিটামিন-ই, ভিটামিন-বি৬, নিয়াচিন, ফলেট, পেন্থ’থেনিক এচিড, কপাৰ(তাম), মেংগানিজ আৰু মেগনেচিয়াম আদি থাকে। এইবোৰে তেজত ৰক্ত কণিকা গঠনত সহায় কৰি ৰক্তল্পতা ৰোগ প্ৰতিৰোধ কৰে।

১০) হাড় শক্তিশালী কৰে : পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঁঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।

১১) বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে : কঁঠালত থকা এন্টি অক্সিডেন্টে দেহৰ ক্ষতিকাৰক ফ্ৰী-ৰেডিকেলচবোৰ ধ্বংস কৰি বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে।

১২) সৌন্দৰ্য্য চৰ্চাত কঁঠালৰ গুটি : কেইটামান কঁঠালৰ শুকান গুটি অলপমান গাখীৰ আৰু মৌত কিছুসময় তিয়াই থৈ দিয়াৰ পিছত সেইখিনিৰে মিহিকৈ পিহি পেষ্ট তৈয়াৰ কৰি মুখ-মণ্ডলত সানি কিছুসময় ৰৈ শুকাবলৈ দিব লাগে আৰু তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই কেইমিনিট মানৰ ভিতৰতে মুখৰ ছাল নিমজ আৰু মসৃণ কৰি তুলিব পাৰি।

১৩) ছালৰ সৌন্দৰ্য্য : পৰিমিত ৰূপত নিয়মিত ভাৱে কঁঠাল খালে দেহৰ ছাল মসৃণ হয় আৰু ছালত সহজে বলিৰেখা নপৰে।

১৪) হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে : কঁঠালত থকা ভিটামিন-বি৬-এ হৃদপিণ্ড সুৰক্ষিত কৰি হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

১৫) আলচাৰ প্ৰতিৰোধী : কঁঠাল আলচাৰ প্ৰতিৰোধী গুণেৰে ভৰা। ই পেটৰ আলচাৰ নিৰাময় কৰে আৰু পাচন প্ৰণালী শক্তিশালী কৰি হজম প্ৰক্ৰিয়াৰ আসোঁৱাহ দূৰ কৰে।

১৬) এজমা ৰোগীৰ বাবে আশীৰ্বাদ : কঁঠাল এজমা ৰোগীৰ বাবেও উপকাৰী।

কীটনাশক আৰু কৃত্ৰিমতাৰ পৰা মুক্ত থলুৱা বতৰৰ ফল কঁঠাল পৰিমিত ৰূপত নিয়মিতভাৱে গ্ৰহণ কৰি নিঃসন্দেহে মানুহে সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰে।

Tags: #HealthBenefits#Jackfruit#WorldJackfruitDay

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ
Top News

ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ

April 23, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025