২২ এপ্ৰিলত উত্তৰ-পূব নাইজেৰিয়াৰ এখন দুৰ্গম গাঁৱত গভীৰ নিশা ইছলামিক উগ্ৰপন্থীয়ে আক্ৰমণ চলাই ১১ জন গাঁৱৰ লোকক হত্যা কৰে। ইয়াৰ উপৰিও আন দুজন গুৰুতৰভাৱে আহত হয়। লগতে আক্ৰমণকাৰীয়ে কেইবাটাও গৃহত অগ্নি সংযোগ কৰে। ইয়াৰ বাবে বকো হাৰাম গোষ্ঠীকে দায়ী বুলি ধাৰণা কৰা হৈছে।
দীৰ্ঘদিন ধৰি জটিল নিৰাপত্তাজনিত সংকটৰ সৈতে যুঁজি অহা আফ্ৰিকাৰ আটাইতকৈ জনবহুল দেশখনত হিংসাত্মক পৰিস্থিতিৰ ঢৌৰ শেহতীয়া। ইছলামিক বিদ্ৰোহৰ বিৰুদ্ধে নাইজেৰিয়াৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ কেন্দ্ৰবিন্দু বৰ্ণো ৰাজ্যৰ ছাম্বিছা বনাঞ্চলৰ প্ৰান্তত অৱস্থিত দুৰ্গম গাঁও পুবাগুত গভীৰ নিশা সংঘটিত হয় এই ঘটনা। ২৩ এপ্ৰিলত গাঁওবাসীয়ে নিহতসকলক সমাধিস্থ কৰি উগ্ৰপন্থী বকো হাৰাম গোটক এই আক্ৰমণৰ বাবে জগৰীয়া কৰে। স্থানীয় পৰিষদৰ অধ্যক্ষ মৱাদা ছাইডু উবাই সংবাদ মাধ্যমক জনোৱা মতে, পূৰ্বতে গাঁওখনক নিৰাপদ বুলি গণ্য কৰা হৈছিল। তেওঁ কয় যে পুবাগু তেওঁলোকৰ কাউন্সিল এলেকাৰ এনে এখন ঠাই য’ত যোৱা সেই নিশাৰ পূৰ্বে কেতিয়াও এনে আক্ৰমণ হোৱা নাছিল। আহত দুয়োজনকে ওচৰৰ চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।
স্থানীয় ৱাৰ্ডৰ বিষয়া উছমান ৰুমিৰগোৱে কয় যে, আক্ৰমণকাৰীয়ে কেইবাটাও গৃহত অগ্নি সংযোগ কৰি তাৰ পিছত সেই অঞ্চলৰ পৰা পলায়ন কৰে। নাইজেৰিয়াৰ দুৰ্গম, দুৰ্বল গাঁওসমূহ নিয়মিতভাৱে ইছলামিক উগ্ৰপন্থী আৰু ডকাইতৰ লক্ষ্য হৈ পৰে, যিয়ে দেশখনৰ বিশাল গ্ৰাম্য অঞ্চল আৰু নিৰাপত্তাৰ ব্যৱধানৰ শোষণ কৰে। নাইজেৰিয়াত সক্ৰিয় ইছলামিক সন্ত্ৰাসবাদী সংগঠনসমূহৰ ভিতৰত আছে বকো হাৰাম আৰু ইয়াৰ বিভাজিত গোট, ইছলামিক ষ্টেটৰ সৈতে জড়িত, যিটো ইছলামিক ষ্টেট পশ্চিম আফ্ৰিকা প্ৰভিন্স (ISWAP) নামেৰে জনাজাত। মুক্তিপণৰ বাবে অপহৰণ আৰু অবৈধ খননৰ লগত জড়িত আই এছৰ সৈতে জড়িত লাকুৰাৱা গোট আৰু অন্যান্য “ডাকাত” গোটসমূহো সক্ৰিয়।











