যদি পৃথিৱীত আছে স্বৰ্গ, তেন্তে সেয়া হৈছে কাশ্মীৰ। বহুলোকে ছুইজাৰলেণ্ডকো পৃথিৱীৰ স্বৰ্গ বুলি গণ্য কৰে। স্বৰ্গৰ বিষয়ে আছে বহু কথা, কিন্তু পৃথিৱীত থকা নৰকৰ নাম আপুনি শুনিছে নে? যদি আপুনিও আপোনাৰ চকুৰে চাব বিচাৰে নৰক, তেনেহলে যাঁওক তুৰ্কমেনিস্তানলৈ।
তুৰ্কমেনিস্তানৰ মৰুভূমিৰ এই জুই ওলোৱা ঠাইখন কম নহয় কোনো নৰকতকৈ। কি আছে তুৰ্কমেনিস্তানৰ মৰুভূমিৰ এই গাঁতটোত? কিয় সকলো সময়তে জ্বলি থাকে জুই আৰু কিহৰ কাৰণে ইয়াক কৰা নহয় নিৰ্বাপিত? যাৰ বাবে ইয়াক কোৱা হয় “দৰৱাজা গেছ ক্ৰেটাৰ”।
প্ৰায় ৫০ বছৰ ধৰি একেৰাহে জ্বলি আছে একুৰা জুই। যেতিয়াৰ পৰা লাগিছে জুই, জ্বলি আছে নিৰন্তৰে।
তুৰ্কমেনিস্তানৰ কাৰাকুম মৰুভূমিত জ্বলি আছে অগ্নিৰ এই বৃহৎ গহ্বৰ। যাক কোৱা হয় “নৰকৰ দুৱাৰ” বা “দৰৱাজা গেছ ক্ৰেটাৰ”। ইয়াৰ আনুষ্ঠানিক নাম হৈছে “শ্বাইনিং কাৰাকুম”।
নৰকৰ দুৱাৰ গঠনৰ বিষয়ে আছে ভিন্ন কাহিনী। কিন্তু আটাইতকৈ জনপ্ৰিয় কাহিনীটো হ’ল যে ১৯৭১ চনত ছোভিয়েট ইউনিয়ৰ বিজ্ঞানীসকলে এই অঞ্চলত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ বিচাৰি আৰম্ভ কৰিছিল ড্ৰিলিং। তাৰ পিছতেই তাত সৃষ্টি হৈছিল এটি গাঁতৰ। যিটো ভৰি আছিল মিথেন গেছেৰে।
বিজ্ঞানীসকলে আশংকা কৰিছিল যে এই বিষাক্ত মিথেন গেছ চাৰিওফালে বিয়পিব পাৰে, যাৰ বাবে তেওঁলোকে ইয়াক জ্বলাই দিয়াৰ সিদ্ধান্ত লৈছিল। তেওঁলোকে ভাবিছিল যে হয়টো কেইসপ্তাহমানৰ ভিতৰত এই গেছ শেষ হ’ব। কিন্তু তেওঁলোকৰ এই অনুমান আছিল ভূল। গাঁতটোত মিথেন গেছৰ ভাণ্ডাৰ আছিল অধিক আৰু তাত জুই একেৰাহে জ্বলিয়েই আছিল। আনকি আজি পৰ্যন্ত এই জুই হোৱা নাই নিৰ্বাপিত।
সেই মিথেন গেছে ঠাইখিনিৰ ওচৰ-পাঁজৰৰ পৰিবেশও কৰি তুলিছিল অধিক বিষাক্ত, যাৰ বাবে বিজ্ঞানীসকলে ইয়াক নাম দিছিল “নৰকৰ দুৱাৰ”।