আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে চলিত মাহৰ শেষৰ ফালে ভাৰতলৈ আহিব। ভাৰতীয় মূলৰ পত্নী উষা ভেন্সৰ সৈতে উপ-ৰাষ্ট্ৰপতিগৰাকী ভাৰতলৈ অহাৰ সম্ভাৱনা আছে। বিভিন্ন সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি, উপ-ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছত জে ডি ভেন্সৰ এয়া হ’ব দ্বিতীয়টো বিদেশ ভ্ৰমণ।
ভাৰত-আমেৰিকাৰ মাজত শুল্কক লৈ চলি থকা বিবাদৰ সময়তে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিব।
আমেৰিকাৰ বাতৰি কাকত পোলিটিকোৰ প্ৰতিবেদন অনুসৰি, ভেন্সে নিজৰ পত্নী উষা ভেন্সৰ সৈতে চলিত মাহৰ শেষৰ ফালে ভাৰত ভ্ৰমণ কৰিব। তিনিটা সূত্ৰৰ উদ্ধৃতিৰে পোলিটিকোৱে এই বাতৰি প্ৰকাশ কৰিছে।
উল্লেখ্য যে, উপ-ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছত ভেন্সে প্ৰথম বিদেশ ভ্ৰমণ হিচাপে যোৱা মাহত ফ্ৰান্স আৰু জাৰ্মানী গৈছিল। প্ৰকাশিত বাতৰি অনুসৰি, যদিহে চলিত মাহৰ শেষৰ ফালে ভেন্স ভাৰতলৈ আহে তেন্তে সেয়া হ’ব তেওঁৰ দ্বিতীয়টো বিদেশ ভ্ৰমণ।
উপ-ৰাষ্ট্ৰপতি ভেন্সৰ পত্নী উষা ভেন্সৰ পিতৃ-মাতৃ ক্ৰমে কৃষ চিলুকুৰী আৰু লক্ষ্মী চিলিকুৰীয়ে ১৯৭০ দশকৰ শেষৰ ফালে ভাৰত ত্যাগ কৰি আমেৰিকালৈ স্থানান্তৰ হৈছিল। উষা ভেন্স দেশৰ দ্বিতীয় মহিলা (উপ-ৰাষ্ট্ৰপতিৰ পত্নী) হিচাপে প্ৰথমবাৰৰ বাবে পৈত্ৰিক দেশ ভ্ৰমণ কৰিব।
উল্লেখ্য যে, য়েল ল স্কুলত পঢ়াৰ সময়ত উষা আৰু জে ডি চিনাকি হৈছিল। উষা পেচাত এগৰাকী অধিবক্তা। তেওঁ য়েল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।