ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আজি ৪৩ সংখ্যক জন্মদিন। ১৯৮১ চনৰ ৭ জুলাইত ৰাঁচীত জন্মগ্ৰহণ কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। প্ৰাক্তন অধিনায়কগৰাকীৰ জন্মদিনত শুভেচ্ছাৰে উপচায় তুলিছে অনুৰাগীয়ে। দেশজুৰি ধুমধামে পালন কৰা হৈছে ধোনীৰ জন্মদিন।
প্ৰাক্তন অধিনায়ক ধোনীৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা-
অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনীঃ
ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফল অধিনায়কৰ ভিতৰত মহেন্দ্ৰ সিং ধোনীৰ নামটো প্ৰথমে আহে। কিয়নো ধোনীৰ নেতৃত্বতে ভাৰতে ২০০৭ চনত টি-২০ বিশ্বকাপ আৰু ২০১১ চনত এদিনীয়া বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছে। তদুপৰি ধোনীৰ নেতৃত্বতে ২০১৩ চনত ভাৰতে জয়ী হৈছিল চেম্পিয়নছ ট্ৰফী। বৰ্তমানলৈ ভাৰতে দুবাৰ টি-২০ আৰু দুবাৰ এদিনীয়া বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছে। ধোনীৰ উপৰি বিশ্বকাপ জয়ী হোৱা ভাৰতীয় অধিনায়ক হৈছে কপিল দেৱ আৰু ৰোহিত শৰ্মা।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে ধোনীঃ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত ধোনী এজন সফল খেলুৱৈ। তেওঁ ভাৰতৰ হৈ মুঠ ৫৩৮ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিবলৈ সক্ষম হৈছিল। তেওঁ ভৰতৰ হৈ ৯০ খন টেষ্ট, ৩৫০ খন এদিনীয়া আৰু ৯৮ খন টি-২০ মেচ খেলিছিল। মাহীয়ে টেষ্ট ক্ৰিকেটৰ ১৪৪ টা ইনিংছত ৩৮.০৯ গড়ে ৪৮৭৬ ৰান, এদিনীয়াৰ ২৯৭ টা ইনিংছত ৫০.৬ গড়ে ১২৩০৩ ৰান আৰু টি-২০ ক্ৰিকেটত ৮৫টা ইনিংছত ৩৭.৬ গড়ে ১৬১৭ ৰান সংগ্ৰহ কৰিছবলৈ সক্ষম হৈছিল।
আইপিএল খেলুৱৈ হিচাপে ধোনীঃ
চেন্নাই ছুপাৰ কিংছে আইপিএল ২০০৮ ত মহেন্দ্ৰ সিং ধোনীক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছিল। ধোনীৰ নেতৃত্বতে চেন্নাই ছুপাৰ কিংছে ৫ বাৰকৈ আইপিএল ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১০ চনত প্ৰথমবাৰ চেম্পিয়ন হৈছিল চেন্নাই ছুপাৰ কিংছে। সমান্তৰালকৈ ২০১১, ২০১৮,২০২১ আৰু ২০২৩ চনত চেম্পিয়ন হৈছিল চেন্নাই ছুপাৰ কিংছ।
আনহাতে, মহেন্দ্ৰ সিং ধোনীয়ে শতক অৰ্জন নকৰাকৈ আই পি এল ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখ গঢ়িছে। তেওঁ এতিয়ালৈকে আই পি এলত মুঠ ২৬৪ খন মেচ খেলিছে, য’ত তেওঁ ২২৯ টা ইনিংছত বেটিং কৰিছিল।
এই সময়ছোৱাত মাহীয়ে ১৩৭.৫৩ ষ্ট্ৰাইক ৰেটত ৫২৪৩ ৰান সংগ্ৰহ কৰিছে। মাহীৰ সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ হৈছে ৮৪ ৰান। ধোনীয়ে এটাও শতক অৰ্জন কৰা নাছিল কিন্তু তেওঁ আইপিএলত তেওঁৰ নামত আছে ২৪ টা অৰ্ধশতক।