আই পি এলৰ ১৮ সংখ্যক ছিজনৰ ১৮ সংখ্যক মেচখনত বিজয়ী হয় ৰাজস্থান ৰয়েলছ। শনিবাৰে ছণ্ডীগড়ৰ মুল্লানপুৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ৰাজস্থানে পঞ্জাৱ কিংছক ৫০ ৰানত পৰাস্ত কৰি ছীজনৰ দ্বিতীয় বিজয় সাব্যস্ত কৰে।
মেচখনত বিজয় সাব্যস্ত কৰাৰ লগতে দলটোৰ অধিনায়ক সঞ্জু ছেমছনৰ নামত সংযোজন হয় এক বিশেষ অভিলেখ। শ্বেন ৱাৰ্নৰ নামত থকা এক অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে ছেমছনে।
শনিবাৰৰ মেচখনত জয়ী হোৱাৰ লগে লগে আই পি এলত ৰাজস্থান ৰয়েলছৰ সবাটোকৈ সফল অধিনায়কত পৰিণত হ’ল ছেমছন। ৰাজস্থান ৰয়েলছক নেতৃত্বা প্ৰদান কৰি অধিক মেচত জয়ী হোৱাৰ সোঁৱাদ দিলে সঞ্জু ছেমছনে।
ছেমছনৰ নেতৃত্বত ৰাজস্থানৰ আছিল ৩২ সংখ্যক বিজয়। আনহাতে মহান লেগ স্পিনাৰ শ্বেন ৱাৰ্নৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ জয়ী হৈছিল ৩১ খন মেচত। ৱাৰ্নে ৰাজস্থান ৰয়েলছক ৫৫ খন মেচত নেতৃত্ব প্ৰদান কৰিছিল।
ৰাজস্থানৰ হৈ সৰ্বাধিক মেচ জয়ী হোৱা অধিনায়ক
৩২*- সঞ্জু ছেমছন (৬২ মেচ)
৩১- শ্বেন ৱাৰ্ন (৫৫ মেচ)
১৮- ৰাহুল দ্ৰাবিড় (৩৪ মেচ)
১৫- ষ্টিভ স্মিথ (২৭ মেচ)
৯- আজিংক্য ৰাহানে (২৪ মেচ)