বিখ্যাত বুলগেৰিয়াৰ ভৱিষ্যদ্বাণী কৰা বাবা ভাংগাই বহু ভৱিষ্যদ্বাণী কৰিছিল, ইয়াৰে কিছুমানক সত্য আৰু কিছুমান বিতৰ্কিত বুলি গণ্য কৰা হৈছে। তেওঁ দাবী কৰিছিল যে ২০৪৩ চনৰ ভিতৰত ইউৰোপত মুছলমানৰ আধিপত্য থাকিব, আৰু তাত ইছলাম প্ৰধান ধৰ্মত পৰিণত হ’ব।
বাবা ভাংগাক লৈ মানুহৰ মতামত ভিন্ন ভিন্ন। ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ আক্ৰমণৰ দৰে তেওঁৰ বহু ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত হোৱা বুলি জানিব পৰা গৈছে। কিন্তু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা তেওঁৰ ভৱিষ্যদ্বাণীৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা নাযায়।
ইফালে ২০৪৩ চনৰ ভিতৰত ইউৰোপ সম্পূৰ্ণৰূপে ইছলামিক জাতিলৈ পৰিণত হ’ব বুলি কৈছে ভৱিষ্যদ্বাণী বাবা ভাংগাই।
এক ৰিপৰ্ট অনুসৰি ইউৰোপত মুছলমানৰ সংখ্যা দশক দশক ধৰি ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। ১৯৯০ চনত ২ কোটি ৯৬ লাখৰ পৰা ২০১০ চনত ৪৪.১ মিলিয়নলৈ বৃদ্ধি পাইছে।২০৩০ চনৰ ভিতৰত এই সংখ্যাই ৫.৮ কোটি অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে। বৰ্তমান ইউৰোপৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ মুছলমান জনসংখ্যা, যিটো ১৯৯০ চনত ৪.১ শতাংশ আছিল। বিগত কেইবছৰমানৰ পৰা যুদ্ধৰ বাবে ইউৰোপৰ আন মুছলমান দেশৰ লোকেও আশ্ৰয় ল’বলৈ ইউৰোপীয় দেশলৈ আহিছে, যাৰ বাবে স্থানীয় মুছলমান জনসংখ্যা বৃদ্ধি পাইছে।
উল্লেখ্য যে, ইউৰোপত মুঠ ৪৪খন দেশ আছে, ইয়াৰে আলবেনিয়া, বছনিয়া আৰু হাৰ্জেগোভিনা, ক’ছ’ভ’ আৰু তুৰস্ক ইতিমধ্যে মুছলমান সংখ্যাগৰিষ্ঠ দেশ। ইয়াৰ বাহিৰেও এনে ৪০খন দেশ আছে, য’ত খ্ৰীষ্টান জনসংখ্যা বেছি। এই দেশসমূহৰ ভিতৰত আছে ৰাছিয়া, জাৰ্মানী, ব্ৰিটেইন, ফ্ৰান্স, ইটালী, স্পেইন, ইউক্ৰেইন, পোলেণ্ড আৰু ছুইডেন আদি।
বাবা ভাংগা আছিল এগৰাকী বুলগেৰিয়ান ভৱিষ্যদ্বাণীকাৰী, যাক “বালকান নষ্ট্ৰাডামাছ” বুলিও কোৱা হয়। তেওঁ বহু ঘটনাৰ ভৱিষ্যদ্বাণী কৰিছিল, ইয়াৰেই কিছুমান সঁচা বুলি প্ৰমাণিত হোৱাৰ বিপৰীতে বহুতো অপ্ৰমাণিত হৈয়েই আছে।
বাবা ভাংগাই ৫০৭৯ চনত পৃথিৱীৰ অন্ত পৰিব আৰু তাৰ আগতে মানুহে অমৰত্বৰ দিশে আগবাঢ়িব পাৰিব বুলিও ভৱিষ্যদ্বাণী কৰিছে।